ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলতে বুধবাৰে বিধানসভাত দাখিল কৰিলে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট (Rajasthan Budget 2022)। মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী গেহলতে জয়পুৰত বাজেট দাখিল কৰি স্বাস্থ্য, আন্তঃগাঁথনি, সামাজিক সুৰক্ষা আৰু পৰ্যটনত গুৰুত্ব আৰোপ কৰে। বাজেট পাঠ শেষ কৰিয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰখনৰ হৈ শাসক-বিৰোধী ২০০জন বিধায়কক iPhone 13 মোবাইল উপহাৰ দিয়ে । সকলো বিধায়কে মুখ্যমন্ত্ৰীৰ (CM Ashok Gehlot) এই উপহাৰ গ্ৰহণ কৰে ।
iPhoneত বাজেটৰ একোটা ডিজিটেল প্ৰতিলিপিও সন্নিৱিষ্ট কৰা হয়। উল্লেখযোগ্য যে এটা iPhone 13ৰ মূল্য ৭৫০০০ৰ পৰা ১ লক্ষ টকা । সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য মতে, কংগ্ৰেছশাসিত ৰাজ্য চৰকাৰখনে ২৫০টা iPhone ক্ৰয় কৰিছিল । আগতেও চৰকাৰখনে বিধায়কক iPad আৰু laptop উপহাৰ দিয়াৰ নজিৰ আছে ।
সমগ্র ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং ডটাচৰাই কয়– আমি কেৱল বিধায়ককেই নহয়; ৰাজ্যৰ মহিলাকো স্মার্টফোন উপহাৰ দিম ।
ৰাজ্যখনে এইবাৰ পৰ্যটন খণ্ডত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য চৰকাৰে এই খণ্ডক উদ্যোগৰ মৰ্যাদা দিয়াৰ লগতে গ্ৰামীণ পৰ্যটনত অগ্ৰাধিকাৰ দিছে। এইবাৰ বাজেটত গ্রাম্য নিয়োগৰ কাৰণে ৮০০কোটি ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে। বাজেটৰ আন এক গুৰুত্বপূৰ্ণ ঘোষণা হৈছে পুৰণি পেনচন নিধি যি প্ৰত্যাহাৰ কৰা হৈছিল সেয়া ২০০৪ চনৰ ১ জানুৱাৰীৰ পিছত যোগদান কৰা চৰকাৰী চাকৰিয়ালৰ কাৰণে কাৰ্যকৰী কৰা।
বাজেটত এক লাখ চাকৰি প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । ৰাজস্থান চৰকাৰে মহিলাসকলক Work From Home পদ্ধতিত চাকৰি দিয়াৰো প্ৰতিশ্ৰুতি প্রদান কৰিছে। ২০,০০০ মহিলাক সেই পদ্ধতিত চাকৰি প্ৰদান কৰা হ’ব। ইয়াৰ লগতে ৰাজ্যখনত ৩,৮২০খন উচ্চ মাধ্যমিক স্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ কৰা হ’ব। গ্ৰাম্য অঞ্চলত মহাত্মা গান্ধীৰ নামেৰে ইংৰাজী মাধ্যমৰ স্কুল স্থাপন কৰা হ’ব। ১৯খন জিলাত ৩৬খন কলেজ মুকলি কৰাৰো কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ।
Published by: Gautam Barman
First published: February 23, 2022, 23:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|