উত্তৰপ্ৰদেশত আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছত ভাৰত চৰকাৰে আছাদুদ্দিন ওৱেইচি ((Asaduddin Owaisi)ৰ নিৰাপত্তাৰ বাবে আগবঢ়োৱা জেড প্লাছ নিৰাপত্তা নালাগে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিক। ইয়াৰ পৰিৱৰ্তে নিজৰ লগত গ্লক পিষ্টলহে ৰাখিব বিচাৰে সৰ্বভাৰতীয় পৰ্য্যায়ৰ সংখ্যালঘূ নেতাগৰাকীয়ে।
এই বিষয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সংখ্যালঘূ নেতাজনে কয়, "যেতিয়া ৪জন মানুহে মোৰ লগত অনবৰতে বন্দুক লৈ ঘূৰি ফুৰে তেতিয়া মই অস্বস্তিবোধ কৰোঁ। সেয়ে মোক জেড প্লাছৰ পৰিৱৰ্তে এটা গ্লক পিষ্টল ৰখাৰ অনুমতি দিয়ক। মই নিজৰ খৰচত এখন বুলেটপ্ৰুফ বাহন ল'বলৈকো চৰকাৰৰ পৰা অনুমতি বিচাৰিছো।"
উল্লেখযোগ্য যে ওৱেইচিৰ ওপৰত হোৱা আক্ৰমণত জড়িত দুজন দুৰ্বৃত্তক ইতিমধ্যে উত্তৰপ্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও নিজৰ জীৱনক লৈ শংকিত সংখ্যালঘূ নেতাগৰাকী। সেয়ে এতিয়া অত্যাধুনিক গ্লক পিষ্টল লগত ৰখাৰ বাবে চৰকাৰৰ অনুমতি বিচাৰিছে ওৱেইচিয়ে।
গ্লক পিষ্টল হৈছে অত্যাধুনিক পিষ্টলৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ। অষ্ট্ৰিয়াত নিৰ্মিত এই গ্লক পিষ্টল বৰ্তমান সকলো দেশৰ বিশেষ বাহিনীৰ জোৱানসকলে ব্যৱহাৰ কৰে। এনএছজি, সেনা, কমাণ্ডো চিআৰপিএফৰ লগতে অসম আৰক্ষীৰ কমাণ্ডোৱেও এই পিষ্টল ব্যৱহাৰ কৰে। সৰু অস্ত্ৰৰ ভিতৰত অতি শক্তিশালী হিচাপে পৰিচিত গ্লক পিষ্টলৰ অনুজ্ঞা পত্ৰ সাধাৰণতে দেশৰ নাগৰিকক প্ৰদান কৰা নহয়। কিন্তু প্ৰাণৰ শংকাত ভোগা ওৱেইচিয়ে এই অত্যাধুনিক পিষ্টল ক্ৰয় কৰাৰ বাবে চৰকাৰৰ অনুমতি বিচাৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|