সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ বাবে কালি উচ্চতম ন্যায়ালয়ে আজি দিনটোত ফ্ল'ৰ টেষ্ট কৰাৰ বাবে ৰায়দান কৰিছিল।
সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ বাবে কালি উচ্চতম ন্যায়ালয়ে আজি দিনটোত ফ্ল'ৰ টেষ্ট কৰাৰ বাবে ৰায়দান কৰিছিল।
উদ্ধৱ থাকৰেই কালি মহাৰাষ্ট্ৰৰ মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ পিছত ফ্ল'ৰ টেষ্ট কৰা নহয়। এই কথা প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰৰ বিধানসভা সচিবে। তেওঁ প্ৰকাশ কৰা মতে, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ পিছত এই টেষ্টৰ প্ৰয়োজন নাই।
উল্লেখ্য, সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ বাবে কালি উচ্চতম ন্যায়ালয়ে আজি দিনটোত ফ্ল'ৰ টেষ্ট কৰাৰ বাবে ৰায়দান কৰিছিল। কিন্তু তাৰ কিছুসময় পিছতে থাকৰেই মুখ্যমন্ত্ৰিত্ব ত্যাগ কৰে।
এনে পৰিপ্ৰেক্ষিতত ৰাজ্যপালে আজি ফ্ল'ৰ টেষ্ট কৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে। গতিকে বৃহস্পতিবাৰে বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত নহ'ব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|