• Home
  • »
  • News
  • »
  • nation
  • »
  • Farmani Naaz : হিন্দু ধৰ্মীয় গীত গাই বিতৰ্কত মুছলমান গায়িকা ফৰমণি নাজ। ৰোষত পৰিছে দেওবন্দৰ

Farmani Naaz : হিন্দু ধৰ্মীয় গীত গাই বিতৰ্কত মুছলমান গায়িকা ফৰমণি নাজ। ৰোষত পৰিছে দেওবন্দৰ

FB Photos, Music in Nikah: ‘ইণ্ডিয়ান আইডল’ৰ প্ৰাক্তন প্ৰতিযোগী ফৰমণি নাজ (Farmani Naaz)ৰ কাৱাৰ যাত্ৰাক লৈ কৰা ভক্তিমূলক গীতটোৰ বাবে বিতৰ্কৰ সন্মুখীন হৈছে।

FB Photos, Music in Nikah: ‘ইণ্ডিয়ান আইডল’ৰ প্ৰাক্তন প্ৰতিযোগী ফৰমণি নাজ (Farmani Naaz)ৰ কাৱাৰ যাত্ৰাক লৈ কৰা ভক্তিমূলক গীতটোৰ বাবে বিতৰ্কৰ সন্মুখীন হৈছে।

FB Photos, Music in Nikah: ‘ইণ্ডিয়ান আইডল’ৰ প্ৰাক্তন প্ৰতিযোগী ফৰমণি নাজ (Farmani Naaz)ৰ কাৱাৰ যাত্ৰাক লৈ কৰা ভক্তিমূলক গীতটোৰ বাবে বিতৰ্কৰ সন্মুখীন হৈছে।

  • Share this:
‘ইণ্ডিয়ান আইডল’ৰ প্ৰাক্তন প্ৰতিযোগী ফৰমণি নাজ (Farmani Naaz)ৰ কাৱাৰ যাত্ৰাক লৈ কৰা ভক্তিমূলক গীতটোৰ বাবে বিতৰ্কৰ সন্মুখীন হৈছে। দেওবন্দ (Deoband)ৰ এজন ধৰ্মগুৰুৱে ইয়াক “অ-ইছলামিক” আৰু “হাৰাম” (haram) বুলি অভিহিত কৰিছে।

১ আগষ্টত গায়িকাগৰাকীয়ে নিজৰ পক্ষ সমৰ্থন কৰি কয় যে শিল্পীসকলৰ কোনো ধৰ্ম নাই আৰু তেওঁ কোনো ভুল কৰা নাই।

মুজাফ্ফৰনগৰৰ বাসিন্দা নাজে কিছুদিন পূৰ্বে চলি থকা কাঁৱাৰ যাত্ৰা (Kanwar Yatra)ৰ বিষয়বস্তুৰ আধাৰত ‘হৰ হৰ শম্ভু শিৱ মহাদেৱ’ গানটোত কণ্ঠদান কৰিছিল আৰু এই গীতটোৱে জনসাধাৰণৰ পৰা সমাদৰ লাভ কৰিছিল।

দাৰুল উলুম দেওবন্দ (Darul Uloom Deoband) ভাৰতৰ এখন ইছলামিক চেমিনাৰী (দাৰুল উলুম) যি চুন্নী দেওবন্দি ইছলামিক আন্দোলনৰ জন্মস্থান, উত্তৰ প্ৰদেশৰ চাহাৰণপুৰ জিলাৰ এখন চহৰ দেওবন্দত অৱস্থিত।

উত্তৰ প্ৰদেশৰ দেওবন্দৰ মৌলবী, আৰু অন্যান্য মুছলমান ব’ৰ্ডৰ মৌলবীসকলে পিছে বিতৰ্কিত ফতোৱা জাৰি কৰাটো এইবাৰেই প্ৰথম নহয়।

‘নিকাহত সংগীত নিষিদ্ধ’ (No Music in Nikkah)

জম্মু-কাশ্মীৰৰ পুঞ্চৰ ইছলামিক পণ্ডিতসকলে জানুৱাৰী মাহত বিবাহ অনুষ্ঠানৰ সময়ত সংগীত বজোৱা, ডিজে বজোৱা আৰু ঢোল বজোৱাৰ বিৰুদ্ধে ফতোৱা জাৰি কৰিছিল। মানকোটেত এই ঘোষণা কৰা হৈছিল যে বিয়াৰ সময়ত কোনো পৰিয়ালে সংগীত বজাই দিলে নিকাহ বা নামাজ-ই-জানাজা পৰিবেশন কৰা নহ’ব বুলি মৌলবীসকলে সকীয়াই দিছে।

ইছলামিক কৰ্তৃপক্ষই জনোৱা মতে, যদি দৰাই কইনাৰ পৰিয়ালৰ পৰা যৌতুক বিচাৰে তেন্তে বিয়াৰ অনুষ্ঠানৰ সময়ত সংগীত বজোৱা বা আতচবাজী ব্যৱহাৰ কৰাকে ধৰি বিয়াৰ উৎসৱতো বাধা আৰোপ কৰা হ’ব।

ফেচবুক, হোৱাটছএপত ফটো নিষিদ্ধ কৰা ফতোৱা (Fatwa Prohibiting Photos on Facebook, Whatsapp) 

দাৰুল উলুম দেওবন্দে ছচিয়েল মিডিয়াত মুছলমান পুৰুষ-মহিলা (Muslim men and women)ই নিজৰ লগতে পৰিয়ালৰ ফটো পোষ্ট কৰাত নিষেধাজ্ঞা জাৰি কৰা ফতোৱাত বাধা প্ৰদান কৰে।

১৮ অক্টোবৰত জাৰি কৰা ফতোৱাত ভাৰতৰ অন্যতম বৃহৎ ইছলামিক চেমিনাৰী দাৰুল উলুম দেওবন্দে কৈছে যে ফেচবুক, হোৱাটছএপ (Facebook, WhatsApp)ৰ দৰে ছ’চিয়েল মিডিয়া চাইটত নিজৰ বা পৰিয়ালৰ ফটো পোষ্ট কৰাটো ইছলামত অনুমতি নাই।

ইয়াৰ মাদ্ৰাছা (madrasa)ৰ সৈতে জড়িত ইছলামিক পণ্ডিত মুফতি তাৰিক কাছিমীয়ে কয় যে যেতিয়া ইছলাম (Islam)ত অপ্ৰয়োজনীয়ভাৱে ছবি ক্লিক কৰাৰ অনুমতি নাই তেতিয়া ছ’চিয়েল মিডিয়াত ফটো পোষ্ট কৰাটো কেনেকৈ অনুমতি দিয়া হ’ব।

ফতোৱা, চিকিৎসকৰ বিৰুদ্ধে মৃত্যুৰ ভাবুকিৰ অভিযোগ

৫ এপ্ৰিলত মোৰাদাবাদৰ মাহমুদপুৰ গাঁৱত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্যসকলৰ ওপৰত শেহতীয়াকৈ ফুলৰ পাহি বৰষুণ কৰা চিকিৎসকৰ বিৰুদ্ধে মৃত্যুৰ ফতোৱা জাৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল এজন ধৰ্মগুৰু।

ইয়াৰউপৰি বিদ্যালয়ত মুছলমান ছাত্ৰ-ছাত্ৰীয়ে টাই মাৰি যোৱাটোও ইছলামত নিষিদ্ধ বুলি দাৰুল উলুমৰ ৱেবছাইটত কোৱা হৈছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি