ঝাৰখণ্ড (Jharkhand)ৰ ৰাজনৈতিক পৰিস্থিতি দ্ৰুতগতিত সলনি হৈছে আৰু ঝাৰখণ্ড মুক্তি মৰ্চা (Jharkhand Mukti Morcha)ই এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু (Draupadi Murmu)লৈ সমৰ্থন ঘোষণা কৰিছে। ইপিনে দলটোৱে কংগ্ৰেছৰ সৈতে মিত্ৰজোঁট চৰকাৰ চলাই আছে কংগ্ৰেছে বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন জনাইছে।
এই সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)য়ে দেওঘৰত নতুন বিমানবন্দৰ উদ্বোধন কৰাৰ সময়ত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে (chief minister Hemant Soren) সংগ দিয়াৰ ছবিয়েও ঝাৰখণ্ড মুক্তি মৰ্চাই ভাৰতীয় জনতা পাৰ্টিৰ ওচৰ চাপি অহাৰ জল্পনা-কল্পনাৰ সৃষ্টি কৰিছিল ৰাজনৈতিক মহলত। ছোৰোণে দৰাচলতে ১২ জুলাইত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ব্যৱস্থাসমূহ পৰ্যালোচনা কৰিবলৈ দেওঘৰত উপস্থিত হৈছিল। ‘কেন্দ্ৰৰ পৰা আমি যদি সমৰ্থন পাওঁ তেন্তে অহা পাঁচ বছৰৰ ভিতৰত ঝাৰখণ্ড এখন আগবঢ়া ৰাজ্য হ’ব। আজি ঝাৰখণ্ডৰ বাবে এক ঐতিহাসিক দিন। যদিহে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সহযোগিতা হয়, তেন্তে দ্ৰুত বিকাশ সম্ভৱ।’-ছোৰেণে প্ৰধানমন্ত্ৰী উপস্থিতিত মঞ্চৰ পৰা এইদৰে কয়।
৪ জুলাইত দ্ৰৌপদী মুৰ্মুক JMMৰ সমৰ্থন বিচাৰি ৰাজ্য ভ্ৰমণ কৰাৰ সময়ত ছোৰেণে উষ্ম আদৰণি জনাইছিল। বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহা এতিয়াও ঝাৰখণ্ড ভ্ৰমণ কৰা নাই আৰু ১৬ জুলাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু তাৰ পূৰ্বে বৃহস্পতিবাৰে JMMএ মুৰ্মুৰ প্ৰতি সমৰ্থন ঘোষণা কৰি কয় যে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে এগৰাকী জনজাতীয় মহিলা সাজু হৈছে দেশৰ ৰাষ্ট্ৰপতি (President of India) হ’বলৈ।
ক্ষমতা দখল কৰিবলৈ ঝাৰখণ্ডৰ জনজাতীয় সমৰ্থনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল JMM. এই পদক্ষেপে অৱশ্যে ৰাজ্যখনত দলটোৰ মিত্ৰজোঁটৰ অংশীদাৰ কংগ্ৰেছ (Congress)ক বিৰোধ কৰিব। ৰাজ্যিক কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে দৰাচলতে ১৩ জুলাইত দিল্লীত যশৱন্ত সিনহা (Yashwant Sinha)ক সাক্ষাৎ কৰি তেওঁক সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছিল।
৮১ খন আসনযুক্ত ঝাৰখণ্ডৰ বিধানসভাত JMMৰ ৩০ খন আসন থকাৰ বিপৰীতে কংগ্ৰেছৰ ১৬ খন আৰু BJPৰ ২৫ খন আসন আছে। অন্য দলৰ হাতত আছে ৫ খন আসন।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 14, 2022, 22:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।