মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»গংগা-যমুনাত উদ্ধাৰ কৰা মৃতদেহৰ পৰা বৃদ্ধি হ'ব নেকি কোভিডৰ সংক্ৰমণ? বিশেষজ্ঞই ক'লে এনেদৰে...

গংগা-যমুনাত উদ্ধাৰ কৰা মৃতদেহৰ পৰা বৃদ্ধি হ'ব নেকি কোভিডৰ সংক্ৰমণ? বিশেষজ্ঞই ক'লে এনেদৰে...

News18 Assam | News18-Assam
Updated:May 13, 2021, 1:13 PM IST
গংগা-যমুনাত উদ্ধাৰ কৰা মৃতদেহৰ পৰা বৃদ্ধি হ'ব নেকি কোভিডৰ সংক্ৰমণ? বিশেষজ্ঞই ক'লে এনেদৰে...
বিহাৰৰ গংগা নদীৰ পৰা মঙলবাৰে ৭১ টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। সন্দেহযুক্ত কোভিড ৰোগীৰ মৃতদেহ লাভ কৰাৰ পিছতেই চিন্তিত হৈ পৰিছিল সকলো।

বিহাৰৰ গংগা নদীৰ পৰা মঙলবাৰে ৭১ টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। সন্দেহযুক্ত কোভিড ৰোগীৰ মৃতদেহ লাভ কৰাৰ পিছতেই চিন্তিত হৈ পৰিছিল সকলো।

  • Share this:
গংগা-যমুনাত এটাৰ পিছত আনটো সন্দেহযুক্ত কোভিড ৰোগীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ  পিছতেই পানীৰ পৰা কোৰোণা সংক্ৰমণৰ দিশটোক লৈ চিন্তিত হৈ পৰিছে সকলো। শেহতীয়া বিহাৰৰ গংগা নদীত ৭১টাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কোভিড সংক্ৰমণক লৈ বিশেষজ্ঞসকলৰ মাজত ভিন্ন মতামত দেখিবলৈ পোৱা গৈছে।

এফালে একাংশ বিশেষজ্ঞই সন্দেহযুক্ত কোভিড ৰোগীৰ মৃতদেহ গংগা আৰু যমুনাৰ পৰা উলিয়াই অনাৰ পিছত পানীৰ জৰিয়তে কোৰোণা ভাইৰাছৰ সংক্ৰমণ চিন্তাৰ বিষয় নহয় বুলি অৱগত কৰাৰ বিপৰীতে আকৌ আইআইটি-কানপুৰৰ অধ্যাপক সতীশ তাৰে কোভিডৰ এই বিষয়টোত উদ্বেগ প্ৰকাশ কৰে। দেশে কোভিডৰ বিৰুদ্ধে যুঁজি থকাৰ এই সময়তে গংগা বা ইয়াৰ উপনৈ সমূহত মৃতদেহ পেলোৱা বিষয়টোক এক গুৰুতৰ বিষয় বুলি উল্লেখ কৰে তেওঁ।

যিহেতু গংগা আৰু যমুনা নদী নৈপৰীয়া বহু গাঁৱৰ বাবে খোৱা পানীৰ মূল উৎস। যদিও মৃতদেহবোৰ এনেদৰে পেলাই দিয়াৰ ফলত ই সংক্ৰমণৰ ওপৰত অধিক প্ৰভাৱ নেপেলাই বুলিও উল্লেখ কৰে অধ্যাপকগৰাকীয়ে । তাৰেই লগতে কয় যে, গংগা বা ইয়াৰ উপনদীবোৰত মৃতদেহ পেলোৱাটো কোনো নতুন বিষয় নহয়, বিগত ১০-১৫ বছৰত এই সংখ্যা যথেষ্ট হ্ৰাস পাইছে। নদীত এনেদৰে মৃতদেহ পেলাই দিয়াৰ ফলতে মুখ্যতঃ নদী প্ৰদূষিত হয়।

মঙলবাৰে বিহাৰ চৰকাৰে বাক্সাৰ জিলাৰ গংগাৰ পৰা ৭১ টাকৈ মৃতদেহ উদ্ধাৰ কৰিছে। ইয়াৰ পিছতেই পৰিত্যক্ত মৃতদেহবোৰ কোভিড১৯ ৰোগীৰ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছিল। একেদৰে উত্তৰ প্ৰদেশৰ বালিয়ানিবাসীৰ মতে, নাৰাহী অঞ্চলৰ উজিয়াৰ, কুলহাদিয়া আৰু ভৰাওলী ঘাটত প্ৰায় ৪৫টা মৃতদেহ ওপঙি থকা দেখা গৈছিল। যদিও জিলা কৰ্তৃপক্ষই সেই স্থানত পোৱা মৃতদেহৰ সঠিক সংখ্যা অৱগত কৰাৰ পৰা বিৰত থাকে। আনফালে সোমবাৰে, হামিৰপুৰ জিলাৰ বাসিন্দাসকলেও যমুনাত পাঁচটা মৃতদেহ ওপঙি থকা দেখিছিল আৰু কোভিড ৰোগীৰ মৃতদেহ বুলি তেওঁলোকে ভয় খাইছিল।

ইয়াৰ পিছতেই কেন্দ্ৰই মঙলবাৰে গংগাৰ কাষৰীয়া ৰাজ্যসমূহক কঠোৰ সতৰ্কতা নিশ্চিত কৰিবলৈ কোৱা হৈছিল যাতে এনেদৰে মৃতদেহ নদীত পেলাই দিয়া কাৰ্য ৰোধ কৰিব পাৰি । ইপিনে প্ৰধান বৈজ্ঞানিক উপদেষ্টা কে বিজয়ৰাঘবনে কয় যে, ইয়াৰ জৰিয়তে সংক্ৰমণৰ বিষয়ে কোনো চিন্তা নাই ।
Published by: Himangshu Bhuyan
First published: May 13, 2021, 12:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি