• Home
  • »
  • News
  • »
  • nation
  • »
  • 'ভাল হৈ দেখুৱাম, ভাল কাম কৰি আপোনালোকক গৰ্বিত কৰিম'- NCBৰ বিষয়াক কথা দিলে আৰিয়ানে

'ভাল হৈ দেখুৱাম, ভাল কাম কৰি আপোনালোকক গৰ্বিত কৰিম'- NCBৰ বিষয়াক কথা দিলে আৰিয়ানে

এই মুহূৰ্তত মুম্বাইৰ আৰ্থাৰ ৰোজৰ জেলত বন্দী হৈ আছে আৰিয়ান খান। যোৱা ২ অক্টোবৰত মুম্বাই উপকূলৰ কাষৰ এখন ৰেষ্টুৰেণ্টৰ পৰা NCB-এ গ্ৰেপ্তাৰ কৰিছিল আৰিয়ান খানক।

  • Share this:
শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ কাউঞ্চিলিং কৰালে NCB-এ। সূত্ৰৰ খবৰ অনুসৰি, কাউঞ্চিলিং চলোৱাৰ সময়ত এনচিবিৰ মুম্বাই ইউনিটৰ ডিৰেক্টৰ সমীৰ ওৱাংখেড়েক আৰিয়ান খানে প্ৰতিশ্ৰুতি দিয়ে যে, ভাল হৈ দেখুওৱাৰ লগতে তেওঁ এনে কিছুমান ভাল কাম কৰিব, যিয়ে সকলোকে গৰ্বিত কৰিব।

এনচিবিৰ সূত্ৰৰ খবৰ অনুসৰি, আৰিয়ানে জনাইছে যে, জেলৰ পৰা মুক্তি লাভ কৰাৰ পিছতে তেওঁ দুখীয়া আৰু পিছপৰা মানুহৰ সামাজিক আৰু আৰ্থিক উন্নয়নৰ বাবে কাম কৰিব। কেৱল ইমানেই নহয়, ভুল কামৰ কাৰণে সংবাদমাধ্যমৰ শিৰোনামলৈ আহিবলগীয়া কোনো কামেই তেওঁ নকৰে।

এই মুহূৰ্তত মুম্বাইৰ আৰ্থাৰ ৰোড জেলত বন্দী হৈ আছে আৰিয়ান খান। যোৱা ২ অক্টোবৰত মুম্বাইৰ উপকূলৰ কাষৰ এখন ৰেষ্টুৰেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰিছিল NCB-এ। এই পাৰ্টীত আৰিয়ানে মাদক দ্ৰব্য সেৱন কৰাৰ অভিযোগ। যদিও আৰিয়ানৰ পৰা কোনোধৰণৰ মাদক দ্ৰব্য উদ্ধাৰ হোৱা নাই। যোৱা ৭ অক্টোবৰত আৰিয়ানক ১৪ দিনৰ বাবে বিচাৰ বিভাগীয় জিম্মালৈ পঠিওৱাৰ নিৰ্দেশ দিয়ে মুম্বাইৰ বিশেষ আদালতে।
Published by:Himangshu Bhuyan
First published: