নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (Narcotics Control Bureau (NCB)য়ে বুধবাৰে ড্ৰাগছ-অন-ক্ৰুইজ গোচৰ (drugs-on-cruise)ৰ তদন্ত কৰি থকা দুজন বিষয়াক নিলম্বন কৰে য'ত বলীউড অভিনেতা শ্বাহৰুখ খান (Shah Rukh Khan)ৰ পুত্ৰ আৰিয়ান খান (Aryan Khan)ক প্ৰথমে আটক কৰা হৈছিল আৰু পিছত গ্ৰেপ্তাৰ কৰা হৈছিল।

সন্দেহজনক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ভি ভি সিং আৰু আশীষ ৰঞ্জন প্ৰসাদ নামৰ বিষয়াদুজনক তাৎক্ষণিকভাৱে নিলম্বিত কৰা হৈছে।
মুম্বাই (Mumbai) উপকূলৰ ওচৰত এখন ক্ৰুইজত এনচিবিৰ দ্বাৰা চলোৱা ড্ৰাগছ অভিযানৰ সন্দৰ্ভত ২ অক্টোবৰত আৰিয়ানক গ্ৰেপ্তাৰ কৰা হৈছিল। জোনেল পৰিচালক সমীৰ ৱানখেড়েৰ দ্বাৰা পৰিচালিত এনচিবিৰ মুম্বাই গোটে চহৰৰ উপকূলৰ ওচৰত এখন ক্ৰুইজ জাহাজত অভিযান চলাইছিল। আৰিয়ান খানক আন কেইবাজনো লোকৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু অন্যান্য অভিযোগৰ লগতে ড্ৰাগছ "ব্যৱহাৰ" আৰু "ষড়যন্ত্ৰ"ৰ অভিযোগ উত্থাপন কৰা হৈছিল।
কেইবাটাও আদালতৰ শুনানি আৰু ২৬ দিনৰ জিম্মাত থকাৰ পিছত বোম্বাই উচ্চ ন্যায়ালয়ে ২৮ অক্টোবৰত তেওঁক জামিন প্ৰদান কৰে। অৱশেষত তেওঁ ৩০ অক্টোবৰত কাৰাগাৰৰ পৰা মুকলি হৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|