পঞ্জাবত বিপুল সংখ্যাগৰিষ্ঠাৰে ক্ষমতালৈ অহাৰ পিছত এইবাৰ ‘আপ’ৰ (Aam Admi Party) চকু নৰেন্দ্ৰ মোদী (Narendra Modi) আৰু অমিত শ্বাহৰ (Amit Shah) ৰাজ্য গুজৰাট। এই বছৰৰ শেষৰফালে গুজৰাটত বিধানসভা নিৰ্বাচন।
পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক লৈ আহমেদাবাদৰ সবৰমতী আশ্ৰমলৈ গৈছিল আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল। ইয়াৰ পিছত তিৰংগ যাত্ৰা নামৰ আপৰ এক ৰোড শ্ব’ত তেওঁ অংশগ্ৰহণ কৰে।
ৰোড শ্ব’ত বক্তব্য ৰাখি কেজৰিৱালে অভিযোগ কৰে, ২৫ বছৰ ধৰি গুজৰাটত ক্ষমতাত থাকিও দুৰ্নীতি শেষ কৰাত ব্যৰ্থ হৈছে বিজেপি। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আমি ইয়ালৈ কোনো দলৰ সমালোচনা কৰিবলৈ অহা নাই। আমি ইয়াত বিজেপিক পৰাজিত কৰিবলৈও অহা নাই। কংগ্ৰেছক পৰাস্ত কৰাও আমাৰ উদ্দেশ্য নহয়। আমি ইয়ালৈ গুজৰাটক জিকাবলৈ আহিছো। আমাৰ গুজৰাট আৰু গুজৰাটীসকলক জয়ী কৰিব লাগিব।’’
কেজৰিৱালে আৰু অভিযোগ কৰে, ২৫ বছৰ ক্ষমতাত থাকি বিজেপিৰ মাজত অহংকাৰ আহিছে। তেওঁলোকে মানুহৰ কথা শুনা নাই বুলিও অভিযোগ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেজৰিৱালে কয়, ‘আপোনালোকে আম আদমি পাৰ্টীক এবাৰ সুযোগ দিয়ক। আমাৰ কাম পছন্দ নহ’লে পিছৰ বাৰ সলনি কৰি দিব। এবাৰ আম আদমি পাৰ্টীক সুযোগ দি চাওক, বাকী সকলো দলৰ কথা পাহৰি যাব।’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|