হাৰিয়ানাৰ সমাগত বিধানসভা নিৰ্বাচনক লৈ আম আদমী পাৰ্টীয়ে জোৰদাৰ কৰিছে নিৰ্বাচনী প্ৰচাৰ। পঞ্জাৱৰ পিছত হাৰিয়ানা দখলৰ লক্ষ্যৰে আম আদমী পাৰ্টীৰ প্ৰধান অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal) বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে।
আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰত (Kurukshetra) বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মই বিজেপিৰ দৰে ৰাজনীতি কৰিব নাজানো। কিন্তু জনতাৰ হিতৰ বাবে আমাৰ চৰকাৰে যি পাৰে কৰি যাবলৈ চেষ্টা কৰিছে। আমাৰ চৰকাৰৰ কাৰ্যকালত দিল্লীত চৰকাৰী শিক্ষানুষ্ঠানসমূহে যথেষ্ট সফলতা লাভ কৰিছে। চৰকাৰী শিক্ষানুষ্ঠানৰ সফলতাৰ হাৰ বৰ্তমান ৯৯.৭ শতাংশ। এয়াই হৈছে আমাৰ বাবে সুখৰ কাৰণ।"
আনহাতে বিজেপি চৰকাৰক কলি যুগৰ খলনায়কৰ লগত তুলনা কৰি কেজৰিৱালে কুৰুক্ষেত্ৰত কয়, "ত্ৰেতা যুগত ভগৱান শ্ৰী ৰামে ৰাৱণৰ অহংকাৰ চূৰ্ণ কৰিছিল। দ্বাপৰ যুগত ভগৱান শ্ৰী কৃষ্ণই কংসৰ অহংকাৰ চূৰ্ণ কৰিছিল। একেদৰে কলি যুগত কৃষকে বিজেপি চৰকাৰৰ অহংকাৰ চূৰ্ণ কৰিল।"
অৰবিন্দ কেজৰিৱালে এইবাৰ হাৰিয়ানাত (2024 Haryana Assembly polls) আপৰ চৰকাৰ নিশ্চিত বুলি মন্তব্য কৰি কয়, ''এইবাৰ হাৰিয়ানাত আপৰ ধুমুহা আহিব।''
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|