দিল্লী (Delhi)ৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া (Manish Sisodia)ই BJPৰ বিৰুদ্ধে কৰিছে বিস্ফোৰক অভিযোগ। বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টী (AAP)ৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal)ক হত্যা কৰিব বিচাৰে বুলি অভিযোগ কৰে মনীষ চিছোডিয়াই। তেওঁ কয় যে বুধবাৰে আৰক্ষীৰ উপস্থিতিত আৰু আৰক্ষীৰ সৈতে বিজেপি (BJP)ৰ গুণ্ডাসকলক মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰলৈ প্ৰেৰণ কৰা হয়। কেজৰিৱালৰ ঘৰৰ চিচিটিভি কেমেৰা ভাঙি পেলোৱা হৈছিল। লগতে বাঁহৰ বেৰিকেডবোৰ ভাঙি পেলোৱা হৈছিল। মনীষ চিছোডিয়াই কয়, "উদ্বেগজনক কথাটো হ'ল যে আৰক্ষীৰ উপস্থিতিত সকলো ঘটিছিল। বিজেপিৰ গুণ্ডাই এই সকলোবোৰ কৰিছে।"
মনীষ চিছোদিয়াই কয় যে বিজেপিয়ে নিৰ্বাচনত অৰবিন্দ কেজৰিৱালক পৰাজিত কৰিবলৈ সক্ষম নহয়, সেয়ে কেজৰিৱালক একেবাৰে শেষ কৰিব বিচাৰে। এইটো এটা ইচ্ছাকৃত ষড়যন্ত্ৰ। "মই বিজেপিক ক'ব বিচাৰোঁ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক স্পৰ্শ কৰিবলৈ চেষ্টা নকৰিব। তেওঁক এনেদৰে আক্ৰমণ কৰি হত্যা কৰিবলৈ চেষ্টা কৰিলে দেশবাসীয়ে সহ্য নকৰিব।" এইবুলি বিজেপিক সকীয়নি দিয়ে চিছোডিয়াই।
ইপিনে, মুখ্যমন্ত্ৰীৰ বাসগৃহত হোৱা আক্ৰমণৰ এটা ভিডিঅ' দ্ৰুতগতিত ভাইৰেল হৈ আছে, য'ত স্পষ্টকৈ দেখা গৈছে যে বহু সংখ্যক লোকে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰৰ বাহিৰত শ্ল'গান দি আছে । আম আদমী পাৰ্টিৰ মতে, প্ৰতিবাদৰ সময়ত আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰৰ বাহিৰত বেৰিকেড ভাঙি থকা সকল হৈছে বিজেপি কৰ্মী।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|