দিল্লীত কোৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই ২৭হাজাৰৰ অধিক হৈছেগৈ। মৃত্যু হৈছে ৭৬১জনৰ।
দিল্লীত কোৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই ২৭হাজাৰৰ অধিক হৈছেগৈ। মৃত্যু হৈছে ৭৬১জনৰ।
নতুন দিল্লীঃ জ্বৰত আক্ৰান্ত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। হৈছে কাঁহ। ফলত নিজকে আইছ’লেট কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীজনে। মঙলবাৰে তেওঁৰ কোৰোণা পৰীক্ষা সম্পন্ন হ’ব।
দেওবাৰৰ পৰাই কেজৰিৱালৰ অসুখ। কোৰোণাৰ উপসৰ্গ দেখা দিয়াৰ কাৰমে দেওবাৰে দুপৰীয়াৰ পৰাই তেওঁ কাকো সাক্ষাৎ কৰা নাই। লগতে সকলো মেল–মিটিং বাতিল কৰা হৈছে।
আজিৰে পৰা সমগ্ৰ দেশৰ লগতে ৰাজধানী দিল্লীতো আনলক ৱানৰ অধীনত বিভিন্ন প্ৰতিষ্ঠান খুলি দিয়া হৈছে ফলত পৰিস্থিতিৰ অধিক অৱনতিৰ আশংকা কৰা হৈছে। এইপৰ্যন্ত দিল্লীত ২৭হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে ৭৬১জন লোক। মুখ্যমন্ত্ৰীৰ দেহতো কোৰোণাৰ লক্ষণ ওলোৱাক লৈ এতিয়া উদ্বিগ্ন প্ৰশাসন আৰু চৰকাৰী বিভাগসমূহ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘোষণামৰ্মে দিল্লীৰ স্বাস্থ্য বিভাগে শেহতীয়াকৈ এক আদেশ জাৰি কৰিছে। এই আদেশ অনুসৰি দিল্লীবাসীয়ে এতিয়াৰ পৰা হাস্পতালত চিকিৎসাৰ কাৰণে কিছু নথি–পত্ৰ দেখুৱাব লাগিব আৰু তাৰ পিছতহে চিকিৎসা হ’ব। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত আগতীয়াকৈ ঘোষণা কৰি থৈছে। ইয়াৰ পিছতে দিল্লীৰ স্বাস্থ্য বিভাগে ইয়াৰ সৈতে জৰিত বিস্তৃত আদেশ প্ৰদান কৰিছে।
এই আদেশ অনুসৰি দিল্লীৰ চৰকাৰী হাস্পতাল আৰু প্ৰাইভেট হাস্পতালত এতিয়াৰ পৰা কেৱল দিল্লীবাসীৰহে চিকিৎসা চলিব। অৱশ্যে বাহিৰৰ পৰা অহা ৰোগীয়ে ট্ৰান্সপ্লাণ্ট, অনক’লজি, ন্যুৰ’ চাৰ্জাৰীৰ দৰে স্পেচিয়েলাইজড চিকিৎসাৰ সুবিধা লাভ কৰিব। ইয়াৰ লগতে দুৰ্ঘটনা আৰু এচিড এটেকত আহত দিল্লীৰ বাহিৰ ব্যক্তিয়েও হাস্পতালত চিকিৎসা কৰিব পাৰিব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|