২ কোটি দিল্লীবাসীক একে সময়তে প্ৰ্ৰার্থনা কৰিবলৈ আহ্বান জনায় কেজৰিৱালে।
২ কোটি দিল্লীবাসীক একে সময়তে প্ৰ্ৰার্থনা কৰিবলৈ আহ্বান জনায় কেজৰিৱালে।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ সকলো কেবিনেট সতীৰ্থক লগত লৈ দীপাৱালীৰ দিনাখন অক্ষৰধাম মন্দিৰত লক্ষ্মী পূজা সম্পন্ন কৰিব। নৱেম্বৰৰ ১৪ তাৰিখে সন্ধিয়া এই পূজা আৰম্ভ হ’ব আৰু টিভি চেনেলত পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমক জানিবলৈ দিয়া হৈছে।
টুইটাৰত জাৰি কৰা এক ভিডিঅ’ বার্তাত এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰি অৰবিন্দ কেজৰিৱালে কয় – “১৪ তাৰিখে দীপাৱালী; ১৪ বছৰ বনবাস খাটি ভগৱান ৰাম ঘূৰি আহিব; আহক আমি ২ কোটি দিল্লীবাসীয়ে একেলগে উপাসনা কৰো। মই সকলো কেবিনেট সতীৰ্থক লৈ সন্ধিয়া ৭.৩৯ বজাৰ পৰা অক্ষৰধাম মন্দিৰত পূজাত বহিম। পূজা-ভাগ আৰু মন্ত্ৰ-পাঠ টিভিত পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব।’’
তেওঁ লগতে ২ কোটি দিল্লীবাসীক একে সময়তে প্ৰ্ৰার্থনা কৰিবলৈ আহ্বান জনায়। “২ কোটি লোকে একেলগে আৰাধনা কৰিলে ধনাত্মক স্পন্দনৰ সৃষ্টি হ’ব আৰু অপায়-অমংগল দূৰ হ’ব” – এনেদৰে একেটা ভিডিঅ’ বার্তাত মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|