দিল্লীৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰিব ড’নাল্ড ট্ৰাম্পৰ পত্নীয়ে, কাৰ্যসূচীৰ পৰা আঁতৰাই দিলে কেজৰিৱাল–ছিছ’ডিয়াক!

News18 Assam | News18-Assam
Updated:February 23, 2020, 12:24 PM IST
দিল্লীৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰিব ড’নাল্ড ট্ৰাম্পৰ পত্নীয়ে, কাৰ্যসূচীৰ পৰা আঁতৰাই দিলে কেজৰিৱাল–ছিছ’ডিয়াক!
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ–মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াক জনোৱা নহ’ল আমন্ত্ৰণ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ–মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াক জনোৱা নহ’ল আমন্ত্ৰণ।

  • News18 Assam
  • Last Updated: February 23, 2020, 12:24 PM IST
  • Share this:
সোমবাৰে ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ লগত ভাৰতলৈ আহিব তেওঁৰ পত্নী আৰু জী–জোঁৱাই।

মঙলবাৰে ড’নাল্ড ট্ৰাম্পৰ পত্নী মেলানিয়া ট্ৰাম্পে পৰিদৰ্শন কৰিব দিল্লীৰ চৰকাৰী বিদ্যালয়। কিন্তু দিল্লী চৰকাৰৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ–মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াক আঁতৰাই ৰখা হৈছে এই কাৰ্যসূচীৰ পৰা।

কিন্তু পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি দিল্লী চৰকাৰৰ অন্তৰ্গত চৰকাৰী বিদ্যালয় সমূহ পৰিদৰ্শনৰ সময়ত মেলানিয়া ট্ৰাম্পক মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ–মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াই সংগ দিয়াৰ কথা আছিল। কিন্তু এতিয়া কৌশলপূৰ্ণ ভাবে দুয়োৰে নাম আঁতৰাই দিয়া হ’ল।

এতিয়া আম আদমী পাৰ্টীয়ে অভিযোগ কৰিছে যে, কেন্দ্ৰীয় চৰকাৰে কাৰ্যসূচীৰ পৰা আঁতৰাই দিলে কেজৰিৱাল আৰু মনীষ ছিছ’ডিয়াৰ নাম।

আৰু চাওক
পৰৱৰ্তী বাতৰি