• Home
  • »
  • News
  • »
  • nation
  • »
  • লকডাউনৰ মাজতে উত্তপ্ত হ’ল অৰুণাচল প্ৰদেশ, সেনাৰ গুলী চালনাত ৬০বছৰীয়া লোকৰ মৃত্যুৰ অভিযোগক লৈ উত্তাল লংডিং

লকডাউনৰ মাজতে উত্তপ্ত হ’ল অৰুণাচল প্ৰদেশ, সেনাৰ গুলী চালনাত ৬০বছৰীয়া লোকৰ মৃত্যুৰ অভিযোগক লৈ উত্তাল লংডিং

অৰুণাচলত প্ৰতিবাদ। 
Image courtesy: arunachal24.in

অৰুণাচলত প্ৰতিবাদ। Image courtesy: arunachal24.in

সীমামূৰীয়া অৰুণাচলত উত্তেজনা।

  • Share this:
লকডাউনৰ মাজতে অসমৰ সীমামূৰীয়া ৰাজ্য অৰুণাচলত প্ৰতিবাদৰ জোৱাৰ। ভাৰতীয় সেনাৰ বিৰুদ্ধে সন্ত্ৰাস চলোৱাৰ গুৰুতৰ অভিযোগ ৷ অভিযোগমতে, অৰুণাচলৰ ল‌ংডিং জিলাৰ পুমাও গাঁৱত যোৱা ১৬ মে’ তাৰিখে সংঘটিত এক গুলীকাণ্ডত ভাৰতীয় সেনাৰ গুলীচালনাত থিতাতে নিহত হয় এজন লোক৷ ৬০বছৰীয়া ব্যক্তিজনৰ মৃত্যুক লৈ সম্প্ৰতি প্ৰতিবাদমুখৰ হৈ আছে লংডিং জিলা । লংডিং জিলাৰ ১৯ শিখ ৰেজিমেণ্টৰ জোৱানৰ গুলীত এজন নিৰীহ লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন লোক আহত হোৱাৰ অভিযোগ। নিহত লামডান লুখাম নামৰ ৬০ বছৰীয়া লোকজনৰ লগতে আহতসকল হৈছে নায়ৱাং ৱাংচু,নকছি ৱাংচু,জিম'ফ ৱাংচু, আমক ৱাংচু, পানফু ৱাংপান আৰু চামপ'হ ৱাংপান। ইয়াৰে নায়ৱাং ৱাংচু নামৰ লোকজনৰ অৱস্থা সংকটজনক।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত ১৯ শিখ ৰেজিমেণ্টে এন এছ চি এন(আই.এম) সন্ত্ৰাসবাদী বিচাৰি পুমাও গাঁৱলৈ যাওঁতে সন্ত্ৰাসবাদীৰ সৈতে মিলি গাওঁবাসীয়ে সেনাবাহিনীৰ দলটোক আক্ৰমণ কৰাত গুলী চালনা কৰিবলৈ বাধ্য হয় বুলি জানিব দিছে। আনহাতে গাওঁবাসীয়ে শিখ ৰেজিমেণ্টৰ সেনাই কোনো কাৰণ নোহোৱাকৈ ১৪ আৰু ১৫ মে’ তাৰিখে পুমাও গাঁৱৰ দুজন নিৰীহ লোকক উঠাই নি সন্ত্ৰাসবাদীৰ সন্ধান বিচাৰি অত্যাচাৰ কৰাৰ অভিযোগ কৰিছে।যোৱা ১৬ মে’ তাৰিখে পুমাও গাঁৱৰ লোক সমবেত হোৱাৰ খবৰ লাভ কৰি শিখ ৰেজিমেণ্টৰ সেনাই গাওঁবাসীক আক্ৰমণ কৰে বুলি অভিযোগ উঠিছে।

ঘটনা সন্দৰ্ভত অঞ্চলটোত এক চেপা উত্তজনাই বিৰাজ কৰিছে। ইতিমধ্যে লংডিং জিলাৰ উপায়ুক্তই ঘটনা সন্দৰ্ভত এক তদন্ত ঘোষণা কৰিছে।ৱাংচু ছাত্ৰ সন্থা,ৱাংচু কাউঞ্চিল,লংডিং জিলা ছাত্র সন্থা, বাংচু নাৰী কল্যাণ সমিতে ধৰি বহুকেইটা সংগঠনে ঘটনাক গৰিহনা দি উচিত তদন্ত আৰু দোষীৰ শাস্তিৰ দাবীত প্ৰতিবাদ সাবস্ত্য কৰি সেনাৰ গুলীত নিহত গৰাকীৰ পৰিয়ালক ৫০ লাখ টকা , গুৰুতৰ ভাৱে আহত গৰাকীক ১০ লাখ আৰু আন আহত সকলক ৫ লাখকৈ টকা ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে। অৰুণাচল প্ৰদেশৰ এই প্ৰান্তৰ সাংসদ টাপিৰ গাৱে এই ঘটনাত গভীৰ শোক প্ৰকাশ  কৰিছে।
Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি