মহিলাই শ্লীলতা হানি কৰিলে মহিলাৰ! ৰাজপথতে এগৰাকী মহিলাক উলংগ কৰি পৈশাচিক আনন্দ, কৰিলে ভিডিঅ’

News18 Assam | News18-Assam
Updated:October 10, 2020, 8:40 PM IST
মহিলাই শ্লীলতা হানি কৰিলে মহিলাৰ! ৰাজপথতে এগৰাকী মহিলাক উলংগ কৰি পৈশাচিক আনন্দ, কৰিলে ভিডিঅ’
স্বামীৰ অত্যাচাৰত ঘৰ এৰা মহিলাক ৰাজপথতে কৰিলে উলংগ। অৰুণাচলৰ চাংলাঙত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। 

স্বামীৰ অত্যাচাৰত ঘৰ এৰা মহিলাক ৰাজপথতে কৰিলে উলংগ। অৰুণাচলৰ চাংলাঙত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। 

  • Share this:
অৰুণাচল প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী মহিলাক শ্লীলতা হানি এদল মহিলাৰ। ৰাজপথতে উলংগ কৰি, চুলি কাটি লাভ কৰিলে পৈশাচিক আনন্দ। একাংশ পুৰুষে দিলে উচতনি। আনকি ভিডিঅ’ কৰি চকুৰ সন্মুখতে কৰিলে প্ৰচাৰ। অৰুণাচলৰ চাংলাঙত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

নিৰ্যাতিতা মহিলাগৰাকীয়ে কোৱা মতে,  পাঁচ বছৰৰ পূৰ্বে গাওঁখনৰ এজন লোকলৈ বিয়া হৈছিল নিৰ্যাতিতা মহিলাগৰাকী। কিন্তু বিয়াৰ পিছৰে পৰা স্বামীয়ে অকথ্য নিৰ্যাতন কৰে মহিলাগৰাকীক। আনকি স্বামীয়ে পেটত গুৰিয়াই হত্যা কৰিছিল মহিলাগৰাকীৰ গৰ্ভত থকা সন্তান। তেতিয়াই মহিলাগৰাকীৰ দুৰ্গতি দেখি গাঁৱৰ এজন যুৱকে উদ্ধাৰ কৰাৰ উদ্দেশ্যৰে পলুৱাই নিয়ে মহিলাগৰাকীক। আৰু দুয়ো থাকিবলৈ লয় তিনিচুকীয়াত। কিন্তু কেইদিনমান পিছত যুৱকজনৰ পৰিয়াল আৰু মহিলাৰ স্বামীৰ পৰিয়ালে গাঁৱবাসীৰ সহযোগত দুয়োকে পৰিকল্পিত ভাবে মতাই আনি দিলে এনেধৰণে বৰ্বৰ শাস্তি।



নিশাৰ আন্ধাৰত এদল মহিলাই ভুক্তভোগী মহিলাগৰাকীৰ গাৰ কাপোৰ খুলি, চুলি কাটি দিয়াৰ লগতে এখন বিদ্যালয়ত ওৰে নিশা বান্ধি থয়। আৰু পিছত গাওঁবুঢ়াৰ ওচৰতে হত্যাৰ ভাবুকি দিয়াৰ লগতে দুয়োকে পৃথক কৈ থাকিবলৈ হেঁচা প্ৰয়োগ কৰে।

ঘটনাৰ সন্দৰ্ভত এতিয়া জাঙুৰ খাই উঠিছে মহিলা সংগঠন। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত ৯ গৰাকী মহিলাসহ ১৫ জনক গ্ৰেপ্তাৰ কৰিছে।
Published by: Himangshu Bhuyan
First published: October 10, 2020, 8:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading