உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Arunachal Pradesh Landslide: উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলন ! অৰুণাচলত মৃত্যুৰ সংখ্যা ৮ জনলৈ বৃদ্ধি ...

    Arunachal Pradesh Landslide: উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলন ! অৰুণাচলত মৃত্যুৰ সংখ্যা ৮ জনলৈ বৃদ্ধি ...

    অৰুণাচল প্ৰদেশত ভূমিস্খলনত নিহতৰ সংখ্যা বাঢ়ি গৈ আছে। শুকুৰবাৰে পুৱা এগৰাকী সন্ধানহীন মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত নিহতৰ সংখ্যা আঠজনলৈ বৃদ্ধি পাইছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

    • Share this:
    অৰুণাচল প্ৰদেশত ভূমিস্খলনত নিহতৰ সংখ্যা বাঢ়ি গৈ আছে। শুকুৰবাৰে পুৱা এগৰাকী সন্ধানহীন মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত নিহতৰ সংখ্যা আঠজনলৈ বৃদ্ধি পাইছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰাজধানী আৰক্ষী অধীক্ষক (এছপি) জিমি চিৰামে কৈছে যে ৩৫ বছৰীয়া কুসুম ৰায়ৰ মৃতদেহ ছয় দিনৰ ব্যাপক বিচাৰ অভিযানৰ পিছত চহৰখনৰ পাঞ্জাৱী ধাবাৰ পিছফালৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছিল। ঘটনাস্থলীৰ পৰা নগেন বৰ্মন (৫০) আৰু তাপস ৰায় (১৫)ৰ মৃতদেহো উদ্ধাৰ কৰা হয়। দেওবাৰে নিশা ভূমিস্খলনৰ ফলত ঘৰ খহি পৰাৰ পিছত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। "নেৰানেপেৰা বৰষুণৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক বিষয়া আৰু আৰক্ষীৰ দ্বাৰা চলোৱা অনুসন্ধান অভিযান বাধাগ্ৰস্ত হৈছিল," জিমি চিৰামে কয়।

    ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এক সূত্ৰই জনোৱা মতে, কুৰুং কুমে জিলাত ভূমিস্খলনৰ ফলত তিনিজন লোকে প্ৰাণ হেৰুৱাইছে আৰু এজন এতিয়াও সন্ধানহীন হৈ আছে। ৰাজ্যখনৰ বেছিভাগ অংশতে যোৱা কেইদিনমান ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে। ফলস্বৰূপে, কেইবাখনো জিলাৰ পৰা ভূমিস্খলনৰ খবৰ পোৱা গৈছে।

    ভূমিস্খলন আৰু ধাৰাসাৰ বৰষুণৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত বুধবাৰলৈকে ১৪ খন জিলাৰ ৩৩ খন গাঁৱৰ প্ৰায় ৩,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে। অতি কমেও ৭.৬ হেক্টৰ খেতিপথাৰ ধ্বংস হৈছে, যাৰ ফলত ৰাজ্যজুৰি ৩৯২ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে, সূত্ৰই জনায়।
    Published by:Kokil Sarma
    First published: