অৰুণাচল প্ৰদেশৰ পৰা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন ব্যক্তি তাপি ম্ৰা যোৱা ৭ দিন ধৰি সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। দৰাচলতে টাপি ৰাজ্যখনৰ অন্যতম ওখ শৃংগ মাউণ্ট কাইৰিছাটাম আৰোহণৰ বাবে তেওঁ চৰকাৰী অভিযানত আছিল। টাপি ম্ৰা নিৰুদ্দেশ হোৱাৰ পিছত সোমবাৰে মাউণ্টেইনিং এণ্ড পেৰাগ্লাইডিং এছ’চিয়েশ্যনে ৰাজ্যৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ওচৰত ৩৭ বছৰীয়া পৰ্বতাৰোহীগৰাকীক বিচাৰি উলিওৱাত সহায়ৰ বাবে আহ্বান জনায়।
অৰুণাচল প্ৰদেশৰ পেৰাগ্লাইডিং এছ’চিয়েশ্যনৰ সভাপতি বিজয় সোণম আৰু অৰুণাচল প্ৰদেশৰ মাউণ্টেইনিং এছ’চিয়েশ্যনৰ সভাপতি ছিকা গপকে নিশ্চিত কৰে যে তাপি নিৰুদ্দেশ হৈ আছে আৰু অনুসন্ধান অব্যাহত আছে। তাপি ম্ৰা হৈছে মাউণ্টেইনিং এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক। ২০০৯ চনৰ ২১ মে'ত তেওঁ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। গাপাকে কয় যে তাপি ম্ৰাৰ এয়া আছিল কাইৰিছাটাম বগাই যোৱাৰ চতুৰ্থটো প্ৰচেষ্টা।
পৰ্বতাৰোহী তাপি ম্ৰাৰ সন্ধানত পূব কামেং জিলাৰ মুখ্য কাৰ্যালয় ছেপ্পাত উপস্থিত হোৱা সোণমে পিটিআইক জনোৱা মতে, পুৰোইক জনগোষ্ঠীৰ এজন ব্যক্তিয়ে কাইৰিছাটাম পৰ্বত বগাবলৈ টাপিৰ লগত গৈছিল, আনহাতে আন পাঁচজন লোকে পৰ্টাৰ বেচ কেম্পত ৰৈ আছে। দেওবাৰে ছেপ্পালৈ উভতি অহা দুজন পৰ্টাৰে টাপিৰ নিৰুদ্দেশৰ খবৰ দিয়ে।
সোণমে মুখ্যমন্ত্ৰী পেমা খাণ্ডুক ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দল প্ৰেৰণ কৰি পৰ্বতাৰোহীজনক বিচাৰি উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়। তদুপৰি জিলাখনৰ পাহাৰীয়া অঞ্চলৰ পুৰোইক গাঁৱৰ বাসিন্দাসকলক টাপিৰ স্থান নিৰ্ণয় কৰাত সহায় কৰিবলৈ আহ্বান জনায়।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|