অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আক্রান্ত হৈছে Covid-19ত, সোমবাৰে নতুন দিল্লীত সাক্ষাৎ কৰিছিল দেশত প্ৰতিৰক্ষা মন্ত্ৰীক

News18 Assam | News18-Assam
Updated:September 15, 2020, 10:35 PM IST
অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আক্রান্ত হৈছে Covid-19ত, সোমবাৰে নতুন দিল্লীত সাক্ষাৎ কৰিছিল দেশত প্ৰতিৰক্ষা মন্ত্ৰীক

  • News18 Assam
  • Last Updated: September 15, 2020, 10:35 PM IST
  • Share this:
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু Covid-19 পজিটিভ । দিল্লীত কৰা RT-PCR পৰীক্ষাত ধৰা পৰিছে তেওঁৰ শৰীৰত ক’ৰোনা ভাইৰাচৰ অৱস্থিতি । টুইটাৰ যোগে এই কথা জনালে স্বয়ং মুখ্যমন্ত্ৰী গৰাকীয়ে । বৰ্তমান দিল্লীত ‘self isolation'ত আছে খাণ্ডু । টুইটাৰত তেওঁৰ শৰীৰত কোনোধৰণৰ উপসৰ্গই দেখা দিয়া নাই আৰু সুস্থ অনুভৱ কৰা বুলিও উল্লেখ কৰে।



মুখ্যমন্ত্ৰী গৰাকীয়ে উপ মুখ্যমন্ত্ৰী চাওনা মেইনৰ সৈতে সোমবাৰৰ পৰা দিল্লীত বাহৰ পাতি আছিল । সোমবাৰে তেওঁ, উপ মুখ্যমন্ত্ৰী গৰাকী আৰু সাংসদ তাপেৰ গাওৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰিছিল ।
First published: September 15, 2020, 10:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading