আজি পঞ্চভূতত বিলীন হ’ব অৰুণ জেটলী, দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হ'ব শেষকৃত্য

জেটলীৰ অন্ত্যেষ্টিক্ৰিয়াত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

News18-Assam
Updated:August 25, 2019, 10:31 AM IST
আজি পঞ্চভূতত বিলীন হ’ব অৰুণ জেটলী, দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হ'ব শেষকৃত্য
জেটলীৰ অন্ত্যেষ্টিক্ৰিয়াত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
News18-Assam
Updated: August 25, 2019, 10:31 AM IST
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা মোদী চৰকাৰৰ প্ৰথমতো কাৰ্যকালৰ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে অৱশেষত শনিবাৰে হাৰ মানিলে নিয়তিৰ ওচৰত। দীৰ্ঘদিন ধৰি বিভিন্ন স্বাস্থ্যজনীত সমস্যাত ভুগি থকা অৰুণ জেটলীক কেইদিনমান পূৰ্বে সংকটজনক অৱস্থাত এইমছত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত মৃত্যুক আকোৱালি লয় বিজেপি দলৰ বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীয়ে।

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ। দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হ'ব শেষকৃত্য। নিশা বাসগৃহতে ৰখা হয় জেটলীৰ নশ্বৰ দেহ। আজি বিজেপিৰ মুখ্য কাৰ্যালয়লৈ নিয়া হ'ব অৰুণ জেটলীৰ নশ্বৰ দেহ। মুখ্য কাৰ্যালয়ত জেটলীক শেষ শ্ৰদ্ধা জনাব দলীয় নেতা কৰ্মীয়ে। বিয়লি ২ বজাত নিগমবোধ ঘাটলৈ নিয়া হ'ব জেটলীৰ নশ্বৰ দেহ। ৪ বজাত নিগমবোধ ঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব জেটলীৰ। জেটলীৰ অন্ত্যেষ্টিক্ৰিয়াত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি