• Home
  • »
  • News
  • »
  • nation
  • »
  • মোদীৰ হত্যাকাৰী অসমৰ, পলায়ন কৰিবলৈ চেষ্টা কৰোতে আহত হৈ হাস্পতালত মৃত্যু হত্যাকাৰীৰ

মোদীৰ হত্যাকাৰী অসমৰ, পলায়ন কৰিবলৈ চেষ্টা কৰোতে আহত হৈ হাস্পতালত মৃত্যু হত্যাকাৰীৰ

শিৰীণ মোদী

শিৰীণ মোদী

আনহাতে, চোকা ৰডেৰে মোদীক মূৰৰ পিছফালে আঘাত কৰি দেৱাল বগাই পলাবলৈ চেষ্টা কৰোতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল জানা।

  • Share this:
    গোৱাৰ প্ৰসিদ্ধ চিত্ৰশিল্পী শিৰীণ মোদীৰ হত্যাকাৰীজন অসমৰ। দেওবাৰে গোৱাৰ প্ৰসিদ্ধ চিত্ৰশিল্পী ৬৫ বছৰীয়া মহিলা শিৰীণ মোদীক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰিছিল অসমৰ প্ৰফুল্ল জানাই। যোৱা তিনি দশক ধৰি গোৱাৰ নিবাসী শিৰীণ মোদীৰ উত্তৰ গোৱাৰ আৰপৰা গাঁৱৰ বাসগৃহ তথা ষ্টুডিঅ’ত কিছু বছৰ ধৰি মালী হিচাপে কৰ্মৰত হৈ আছিল প্ৰফুল্ল জানা। গোৱা আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তৰ পিছত এই কথা প্ৰকাশ কৰিছে। জানা বাসগৃহৰ ফুলনিৰ সমীপৰে আন এটা ঘৰত আছিল।

    আনহাতে, চোকা ৰডেৰে মোদীক মূৰৰ পিছফালে আঘাত কৰি দেৱাল বগাই পলাবলৈ চেষ্টা কৰোতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল জানা। আঘাতপ্ৰাপ্ত জানাক উদ্ধাৰ কৰি আৰক্ষীয়ে হাস্পতাললৈ লৈ যায় যদিও সোমবাৰে জানাৰো মৃত্যু হয়।

    প্ৰত্যক্ষদৰ্শীৰ মতে, ফুলনিখনক কেন্দ্ৰ কৰি দুয়োৰে মাজত প্ৰায়ে হোৱা মতানৈক্যৰ ফলতে কাজিয়াৰ সূত্ৰপাত হৈছিল। দেওবাৰেও অনুৰূপ ঘটনাই ঘটিছিল।

    মোদী জন্মগতভাৱে পাৰ্চী আৰু দক্ষিণ মুম্বাইৰ স্থানীয় বাসিন্দা। লণ্ডনৰ এডভাৰ্টাইজিঙৰ চাকৰি এৰি তিনি দশক পূৰ্বে গোৱালৈ আহিছিল। জীয়ৰী ছেফৰন ৱেইলো চিত্ৰকৰ আৰু দুয়ো একেলগে থাকে। ঘটনাৰ সময়ত ছেফৰন ঘৰত নাছিল।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    First published: