নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ নহয় ৩৭১(ক) অনুচ্ছেদ, ঘোষণা ৰাজ্যপাল ৰবিৰ

১ আগষ্টত নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰি আৰ এন ৰবিয়ে নগা ৰাজনৈতিক বিষয়টো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰিকতাৰে সমাধান কৰিব বিচাৰে বুলি নগা ৰাইজক জনাইছিল৷

News18-Assam
Updated:August 6, 2019, 1:25 PM IST
নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ নহয় ৩৭১(ক) অনুচ্ছেদ, ঘোষণা ৰাজ্যপাল ৰবিৰ
১ আগষ্টত নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰি আৰ এন ৰবিয়ে নগা ৰাজনৈতিক বিষয়টো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰিকতাৰে সমাধান কৰিব বিচাৰে বুলি নগা ৰাইজক জনাইছিল৷
News18-Assam
Updated: August 6, 2019, 1:25 PM IST
বিজু কুমাৰ ডেকা : জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ বাবে ৰাজ্যসভাত বিধেয়ক গৃহীত হোৱাৰ পিছত এতিয়া সকলোৰে প্ৰশ্ন, পৰৱৰ্তী পদক্ষেপ নাগালেণ্ড নেকি? উত্থাপিত হোৱা এনে প্ৰশ্নৰ মাজতে নাগালেণ্ডবাসীক আশ্বস্ত কৰিছে নৱনিযুক্ত ৰাজ্যপাল আৰ এন ৰবিয়ে৷ ৰাজ্যপাল ৰবিয়ে নগা ৰাইজক উদ্দেশ্যি দিয়া এক বিবৃত্তিত কৈছে, “নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ নহয় ৩৭১(ক) অনুচ্ছেদ৷”

‘নাগালেণ্ডবাসীয়ে লাভ কৰি অহা ৩৭১(ক) অনুচ্ছেদ বাহাল থাকিব৷ এইক্ষেত্ৰত কোনো সন্দেহৰ অৱকাশ নাই৷ আমি অতি আন্তৰিকতাৰে নগা ৰাজনৈতিক বিষয়টোৰ সফল সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো’ – বিবৃত্তিটোত স্পষ্ট কৰে ৰবিয়ে৷

উল্লেখযোগ্য যে বিগত ১ আগষ্টত নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰি আৰ এন ৰবিয়ে নগা ৰাজনৈতিক বিষয়টো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰিকতাৰে সমাধান কৰিব বিচাৰে বুলি নগা ৰাইজক জনাইছিল৷ সমান্তৰালভাৱে NSCN(IM)–এ ৰবিক শেহতীয়াকৈ অনুষ্ঠিত হোৱা আলোচনাত কৰা আচৰণ-ব্যৱহাৰক লৈ কঠোৰভাৱে সমালোচনা কৰিছিল৷
আৰু চাওক পৰৱৰ্তী বাতৰি