অনুচ্ছেদ ৩৭০ : আজিৰে পৰা জম্মু–কাশ্মীৰত খুলিব চৰকাৰী কাৰ্যালয়–বিদ্যালয়

ছাম্বা জিলাৰ বিদ্যালয়সমূহ আজিৰে পৰা খোলা হ’ব। বাকী জিলাত ঈদৰ পিছতহে স্কুল–কলেজ খোলাৰ সম্ভাৱনা আছে।

News18-Assam
Updated:August 9, 2019, 7:42 AM IST
অনুচ্ছেদ ৩৭০ : আজিৰে পৰা জম্মু–কাশ্মীৰত খুলিব চৰকাৰী কাৰ্যালয়–বিদ্যালয়
ছাম্বা জিলাৰ বিদ্যালয়সমূহ আজিৰে পৰা খোলা হ’ব। বাকী জিলাত ঈদৰ পিছতহে স্কুল–কলেজ খোলাৰ সম্ভাৱনা আছে।
News18-Assam
Updated: August 9, 2019, 7:42 AM IST
অনুচ্ছেদ 370 আৰু 35A প্ৰত্যাহাৰ কৰাক লৈ জম্মু–কাশ্মীৰত এতিয়াও অব্যাহত আছে উত্তেজনাপূৰ্ণ পৰিস্থিতি। মোদী চৰকাৰৰ সিদ্ধান্তৰ পিছতে বিভিন্ন অঞ্চলত জাৰি কৰা হৈছিল ১৪৪ ধাৰা। বৃহস্পতিবাৰে জম্মু–কাশ্মীৰৰ মুখ্য সচিবে চৰকাৰী কৰ্মচাৰীসকলক তৎকালীনভাৱে কৰ্তব্যত যোগদান কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি ছাম্বা জিলাৰ বিদ্যালয়সমূহ আজিৰে পৰা খোলা হ’ব। বাকী জিলাত ঈদৰ পিছতহে স্কুল–কলেজ খোলাৰ সম্ভাৱনা আছে।

বৃহস্পতিবাৰে জম্মু–কাশ্মীৰৰ মুখ্য সচিবে এক নিৰ্দেশযোগে কয়, ‘জিলা পৰ্যায়, বিভাগীয় পৰ্যায় আৰু শ্ৰীনগৰস্থিত চিভিল চেক্ৰেটেৰিয়েটত কাম কৰা সকলো কৰ্মচাৰীয়ে শীঘ্ৰে কৰ্তব্যত যোগদান কৰক।’ ইয়াৰ লগতে প্ৰশাসনে কৰ্তব্যলৈ অহা সকলো কৰ্মচাৰীৰ নিৰাপত্তা আৰু কাম–কাজৰ বাবে শান্তিপূৰ্ণ পৰিৱেশ সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে।

জম্মু–কাশ্মীৰ চৰকাৰে এক বিবৃতিত কয় যে ছাম্বা জিলা প্ৰশাসনে সকলো স্কুল আৰু কলেজ আজিৰে পৰা পূৰ্বৰ দৰে খোলাৰ সিদ্ধান্ত লৈছে। চৰকাৰী–বেচৰকাৰী সকলো শিক্ষা প্ৰতিষ্ঠান ৯ আগষ্টৰ পৰা খোলা হ’ব আৰু পূৰ্বৰ দৰেই চলিব সকলো কাম–কাজ।
আৰু চাওক পৰৱৰ্তী বাতৰি