বিপদ, গ্ৰেপ্তাৰ হ’ব পাৰে কংগ্ৰেছ নেতা শশী থৰুৰ!

হিন্দু-পাকিস্তান সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল কংগ্ৰেছৰ সাংসদগৰাকীয়ে।

News18-Assam
Updated:August 13, 2019, 6:46 PM IST
বিপদ, গ্ৰেপ্তাৰ হ’ব পাৰে কংগ্ৰেছ নেতা শশী থৰুৰ!
হিন্দু-পাকিস্তান সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল কংগ্ৰেছৰ সাংসদগৰাকীয়ে।
News18-Assam
Updated: August 13, 2019, 6:46 PM IST
বিপদে লগ নেৰা হৈছে কংগ্ৰেছ দলক। ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাৰ বিজেপি গমনে দলটোক শলঠেকত পেলোৱাৰ সময়তে আন এক বিপদে লগ দিছে কংগ্ৰেছ দলক। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, লোকসভাৰ সাংসদ শশী থৰুৰলৈজাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা। কলকতা মেট্ৰ’পলিটান মেজিষ্ট্ৰেট ক’ৰ্টে কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে জাৰি কৰিছে এই পৰোৱানা। উল্লেখযোগ্য যে হিন্দু আৰু পাকিস্তান সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জনে। পিছত  সুমিত চৌধুৰী নামৰ এগৰাকী অধিবক্তাই ৰুজু কৰিছিল এই গোচৰটো।
আৰু চাওক পৰৱৰ্তী বাতৰি