মুখ্যপৃষ্ঠা »খবৰ »দেশ »১৪ দিনৰ ন্যায়িক জিম্মালৈ ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ, আজি অৰ্ণৱ গোস্বামীৰ জামিনৰ শুনানি

১৪ দিনৰ ন্যায়িক জিম্মালৈ ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ, আজি অৰ্ণৱ গোস্বামীৰ জামিনৰ শুনানি

বুধবাৰে আলিবাগৰ আদালতে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীক ১৮ নৱেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

  • Share this:
Arnab Goswami’s arrest: আজি ন্যায়ালয়ে অৰ্ণৱ গোস্বামীৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বম্বে উচ্চ ন্যায়ালয়ত অৰ্ণৱ গোস্বামীয়ে নিজৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে দ্বাৰস্থ হৈছিল। তেওঁৰ অধিবক্তাসকলে অৰ্ণৱক ১৪দিনৰ কাৰণে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছতে জামিনৰ কাৰণে আৱেদন কৰিছিল আৰু আজি তাৰো শুনানিৰ সম্ভাৱনা।

বুধবাৰে আলিবাগৰ আদালতে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীক ১৮ নৱেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

বুধবাৰে পুৱা মুম্বাইৰ বাসগৃহৰ পৰা অৰ্ণৱ গোস্বামীক আত্মহত্যাৰ কাৰণে উচতনি দিয়াৰ এক পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ২০১৮চনত ৫৩ বছৰীয়া ইণ্টেৰিয়ৰ ডিজাইনাৰ অন্বয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকৰ আত্মহত্যা সন্দৰ্ভত ৪৭ বছৰীয়া গোস্বামীক গ্ৰেপ্তাৰ কৰা হয়। অৰ্ণৱৰ লগতে আন দুজন অভিযুৰ্ত ফিৰোজ শ্বেখ আৰু নিতেশ দাৰদাক পৰৱৰ্তী সময়ত আলীবাগ আদালতত হাজিৰ কৰোৱা হয়।

ভাৰতীয় দণ্ডবিধিৰ ৩০৬ আৰু ৩৪ ধাৰাৰ অধীনত গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে।

আনহাতে অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ সময়ত সৃষ্ট ঘটনাৱলীৰ পিছত মুম্বাই আৰক্ষীয়ে অৰ্ণৱ, তেওঁৰ পত্নী, পুত্ৰ আৰু আন দুজনৰ বিৰুদ্ধে চৰকাৰী কাম কাজত বাধা দিয়াৰ লগতে মহিলা আৰক্ষীক হাৰাশাস্তি কৰাকে ধৰি কেইবাটাও অভিযোগেৰে দণ্ডবিধিৰ ৩৫৩, ৫০৪, ৫০৬ আৰু ৩ৰ অধীনত এন এম যোশী মাৰ্গ আৰক্ষী থানাত গোচৰ ৰুজু কৰে।

অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক কেন্দ্ৰীয় মন্ত্ৰীসমূহৰ লগতে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছে।

শেহতীয়া বাতৰি