মুখ্যপৃষ্ঠা »খবৰ »দেশ »উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে অৰ্ণৱ গোস্বামীৰ অন্তৱৰ্তীকালীন জামিন আবেদন

উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে অৰ্ণৱ গোস্বামীৰ অন্তৱৰ্তীকালীন জামিন আবেদন

মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অৰ্ণৱ গোস্বামীক।

মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অৰ্ণৱ গোস্বামীক।

  • Share this:
ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ অন্তৱৰ্তীকালীন জামিন আবেদন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে। বোম্বে উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰাৰ পিছত অৰ্ণৱ গোস্বামী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।


উচ্চতম ন্যায়ালত অৰ্ণৱ গোস্বামীৰ জামিন আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে, অৰ্ণৱ গোস্বামী আৰু অন্য দুয়োজন লোককে ৫০ হাজাৰ টকাৰ বোণ্ডত অন্তৱৰ্তীকালীন জামিন দিব লাগে।’ আদেশ পালন কৰিবলৈ এতিয়া ন্যায়ালয়ে নিৰ্দেশ দিছে আৰক্ষী আয়ুক্তক।

উল্লেখযোগ্য যে, যোৱা বুধবাৰে পুৱা মুম্বাইৰ বাসগৃহৰ পৰা অৰ্ণৱ গোস্বামীক আত্মহত্যাৰ কাৰণে উচতনি দিয়াৰ এক পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ২০১৮ চনত ৫৩ বছৰীয়া ইণ্টেৰিয়ৰ ডিজাইনাৰ অন্বয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকৰ আত্মহত্যা সন্দৰ্ভত ৪৭ বছৰীয়া গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল। অৰ্ণৱৰ লগতে আন দুজন অভিযুক্ত ফিৰোজ শ্বেখ আৰু নিতেশ দাৰদাক পৰৱৰ্তী সময়ত আলীবাগ আদালতত হাজিৰ কৰোৱা হৈছিল।

শেহতীয়া বাতৰি