হেমকুণ্ড চাহিবত আৰ্মী ইঞ্জিনিয়াৰিঙৰ দলৰ বৰফ গুচোৱাত তৎপৰতা

সেনাৰ দলটো সম্পূৰ্ণ সা–সামগ্ৰীৰ সৈতে গোবিন্দ ঘাটৰ পৰা ২১ কিলোমিটাৰ খোজকাঢ়ি হেমকুণ্ড সাহিবত উপস্থিত হয়।

Dulu Medhi | news18assam
Updated:May 5, 2019, 4:04 PM IST
হেমকুণ্ড চাহিবত আৰ্মী ইঞ্জিনিয়াৰিঙৰ দলৰ বৰফ গুচোৱাত তৎপৰতা
ফাইল ফটো
Dulu Medhi | news18assam
Updated: May 5, 2019, 4:04 PM IST
উত্তৰাখণ্ডৰ চমৌলী জিলাস্থিত হেমকুণ্ড চাহিবৰ এই নান্দনিক দৃশ্যই আপোনাৰো মন আকৰ্ষণ কৰিব। সমগ্ৰ অঞ্চল বৰফৰ শুভ্ৰ দলিচাৰে আবৃত। আৰ্মী ইঞ্জিনিয়াৰিঙৰ দল হেমকুণ্ড সাহিবত উপস্থিত হৈ  বৰফ গুচোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰি দিছে। সেনাৰ দলটো সম্পূৰ্ণ সা–সামগ্ৰীৰ সৈতে গোবিন্দ ঘাটৰ পৰা ২১ কিলোমিটাৰ খোজকাঢ়ি হেমকুণ্ড সাহিবত উপস্থিত হয়। হেমকুণ্ড সাহিবত ১০ ফুটতকৈও অধিক বৰফ জমা হৈছে। হাড় কঁপোৱা শীতকো নেওচি জোৱানসকলে নিজৰ লক্ষ্যত স্থিৰ কৰি লৈছে। শিখ তীৰ্থযাত্ৰীসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে হাড় কঁপোৱা শীততো আৰ্মী ইঞ্জিনিয়াৰিঙৰ জোৱানসকলে বৰফ গুচোৱাত তৎপৰতা দেখুৱাইছে। প্ৰচণ্ড তুষাৰপাতে আগুৰিছে লোকপাল মন্দিৰ আৰু মন্দিৰৰ পতাকা। দৰ্শকসকলৰ জ্ঞাতাৰ্থে ১ জুনৰ পৰা হেমকুণ্ড সাহিবৰ যাত্ৰা আৰম্ভ হ’ব।

আৰু চাওক পৰৱৰ্তী বাতৰি