কাশ্মীৰৰ পৰা লাডাখলৈ ভাৰতীয় সেনা! তেনেহ’লে ভাৰত–চীনৰ যুদ্ধ অনিবাৰ্য নে কি?

News18 Assam | News18-Assam
Updated:June 1, 2020, 1:30 PM IST
কাশ্মীৰৰ পৰা লাডাখলৈ ভাৰতীয় সেনা! তেনেহ’লে ভাৰত–চীনৰ যুদ্ধ অনিবাৰ্য নে কি?
মে’ মাহৰ ২২–২৩ তাৰিখে মেজৰ জেনেৰেল স্তৰৰ এক শান্তি বৈঠক পৰিকল্পনা হৈছিল যদিও সেয়া শেষ পৰ্যন্ত সফল নহ’ল। 

মে’ মাহৰ ২২–২৩ তাৰিখে মেজৰ জেনেৰেল স্তৰৰ এক শান্তি বৈঠক পৰিকল্পনা হৈছিল যদিও সেয়া শেষ পৰ্যন্ত সফল নহ’ল। 

  • Share this:
নতুন দিল্লীঃ ২৬দিন পাৰ হৈ গ’ল চীনৰ সৈতে ভাৰতৰ ষ্টেণ্ড অফৰ। তাৰ মাজতে লাহে লাহে সীমান্তত শক্তি বৃদ্ধি কৰিছে ভাৰতীয় সেনাই। দেখা গ’ল যে প্ৰায় প্ৰতিদিনে গালোৱান উপত্যকাত কাশ্মীৰৰ পৰা লাডাখলৈ স্থানান্তৰ কৰা হৈছে ভাৰতীয় সেনা জোৱান। এজন উচ্চপদস্থ সেনা বিষয়াই জনাইছে, ‘বৰ্তমান পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি কাশ্মীৰৰ পৰা সেনা জোৱানসকলক লাডাখৰ চীন সীমান্তলৈ অনা হৈছে’। শেহতীয়া পৰিস্থিতি মানে যে তেওঁ ভাৰত আৰু চীনৰ দ্বন্দ্বৰ কথা কৈছে সেয়া স্পষ্ট। তেওঁ জনায় যে স্পষ্টকৈ চৰকাৰীভাৱে হিচাপ দিব নোৱাৰিলেও সেনাই নিজৰ হিচাপত ৰচদ মজুত ৰখা আৰম্ভ কৰিছে। লগতে কাশ্মীৰৰ শান্তি ৰক্ষাৰ ক্ষেত্ৰতো কোনো অসুবিধা নহয় সেয়া উল্লেখ কৰিছে তেওঁ। চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ ভাৰতীয় সেনাই এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা সূত্ৰত প্ৰকাশ।

নিউজ এজেন্সী APৰ মতে চীনা সৈন্যই গধুৰ বাহনত টোপ আৰু অন্যান্য অস্ত্ৰ জমা কৰিছে, এইসমূহ অতি সহজেই কেইটামান ঘণ্টাৰ ভিতৰত ভাৰতৰ সীমালৈ আনিব পৰা যাব।

ভাৰত–চীন সীমান্তৰ এখন গাওঁ দাৰবুক। সেই গাঁৱৰ বাসিন্দা সকলে কৈছে, প্ৰতিদিনে ৰাতি ৮০–৯০ খন ট্ৰাক সেই এলেকাৰে পাৰ হয়। তাৰ মাজত সেনাৰ কনভয় আছে। কোনোবাখন গাড়ীত যদি সেনা জোৱান, কোনোবাখনত আছে অস্ত্ৰ তথা অন্যান্য ৰচদ। লেফটেনেণ্ট জেনেৰেল এছ এল নৰসিমাই জনায়, ‘ইয়াৰ মাজত কেতবোৰ গাড়ীত শীতকালৰ ৰচদ আছে। সাধাৰণতে শীতকালি বাট বন্ধ হৈ থাকে, গৰমত বৰফ গলে আৰু পথ খোল খায়, সেইকাৰণে শীতকালৰ ৰচদ আগতীয়াকৈ মজুত কৰাৰ কাৰণে বছৰৰ এই সময়খিনিতে কাম কৰা হয়। সেয়াই কৰা হৈছে।’

উল্লেখযোগ্য যে, চলিত সপ্তাহতে ভাৰতীয় সেনাই চীনা সেনাৰ সৈতে শান্তি আলোচনাৰ এক প্ৰচেষ্টা কৰিছিল। মে’ মাহৰ ২২–২৩তাৰিখে মেজৰ জেনেৰেল স্তৰৰ এক শান্তি বৈঠক পৰিকল্পনা কৰা হৈছিল যদিও শেষ পৰ্যন্ত সেয়া সফল নহ’ল। সিফালৰ পৰা অহা খবৰ মতে, চীনা সৈন্যই টাইপ১৫ টেংক, জেড–২০ হেলিকপ্তাৰ, জি জে–২ ড্ৰ’ন সীমান্তত মজুত ৰাখিছে। চুবুৰীয়া ৰাষ্ট্ৰখনেও ভাৰতীয় সেনাৰ ওপৰত চাপ সৃষ্টি কৰাৰ কাৰণে সীমান্তত শক্তিবৃদ্ধি কৰিছে।
First published: June 1, 2020, 1:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি