ভাৰতীয় সেনাবাহিনীৰ লগতে দেশবাসীক গৌৰাৱান্বিত কৰিলে এজন সেনা বিষয়াই ৷ ভাৰতবৰ্ষৰ পশ্চিম প্ৰান্তৰ গুজৰাটৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পূব প্ৰান্তৰ অৰুণাচল প্ৰদেশৰ কিবিতোলৈ মুঠ ৩৮০০ কিমি পথ চাইকেল চলাই গঢ়িলে অভিলেখ।
ভাৰতীয় সেনাবাহিনীৰ লগতে দেশবাসীক গৌৰাৱান্বিত কৰিলে এজন সেনা বিষয়াই ৷ ভাৰতবৰ্ষৰ পশ্চিম প্ৰান্তৰ গুজৰাটৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পূব প্ৰান্তৰ অৰুণাচল প্ৰদেশৰ কিবিতোলৈ মুঠ ৩৮০০ কিমি পথ চাইকেল চলাই গঢ়িলে অভিলেখ।
ভাৰতবৰ্ষৰ পশ্চিম প্ৰান্তৰ গুজৰাটৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ পূব প্ৰান্তৰ অৰুণাচল প্ৰদেশৰ কিবিথুলৈ মুঠ ৩৮০০ কিমি পথ চাইকেল চলাই নিজৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিলে এজন সেনা বিষয়াই ৷
সেনা বিষয়া ভাৰত পান্নুৱে যোৱা ১৭ অক্টোবৰত গুজৰাটৰ কোটেশ্বৰৰ পৰা আৰম্ভ কৰা চাইকেল যাত্ৰা ২৬ অক্টোবৰ তাৰিখে অৰুণাচল প্ৰদেশৰ কিবিথুত অন্ত পৰে ৷ ৯ দিন ৭ ঘণ্টাত ৩৮০০ কিলোমিটাৰ পথ চাইকেল চলাই গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ ৰাম সন্নিৱিষ্ট কৰিলে বিষয়াজনে ৷
ইয়াৰ পূৰ্বেও সেনা বিষয়া ভাৰত পান্নুৰ নামত দুটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড আছে। দ্ৰুততম একক চাইকেল চালক হিচাপে লেহৰ পৰা মানালীলৈ, ৩৫ ঘণ্টা, ৩২ মিনিট আৰু ২২ ছেকেণ্ডত ৪৭২ কিলোমিটাৰ দূৰত্ব আৰু তেওঁৰ দ্বিতীয় অভিলেখ হৈছে ৫৯৪২ কিলোমিটাৰ দীঘল 'গোল্ডেন কোৱাড্ৰিলেটাৰেল' পথ, যি দিল্লী, মুম্বাই, চেন্নাই আৰু কলকাতাক সংযোগ কৰে।
এইবাৰ তেওঁ গুজৰাটৰ কোটেশ্বৰৰ পৰা অৰুণাচল প্ৰদেশৰ কিবিথুলৈ ৯ দিন ৭ ঘণ্টাত ৩৮০০ কিলোমিটাৰ পথ চাইকেল চলাই গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ পুৰণি অভিলেখ ভংগ কৰিলে। ইয়াৰ পূৰ্বে নৰেশ কুমাৰ নামৰ চাইকেলিষ্টিত জনে ১১ দিন, ২১ ঘণ্টা, ৫৭ মিনিট আৰু ২ ছেকেণ্ড চাইকেল চলাই এই অভিলেখ অৰ্জন কৰিছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|