২২ নৱেম্বৰ, ১৯৬৩। ভাৰতৰ জনসাধাৰণে জন এফ কেনেডীৰ হত্যা (Murder of John F Kennedy)ৰ বিষয়ে আলোচনা কৰি আছিল। হঠাৎ, দেশখনত এটা ডাঙৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ আহিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি, হেলিকপ্টাৰখনত আছিল ৱেষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ লেফটেনেণ্ট জেনেৰেল দৌলত সিং, এয়াৰ অফিচাৰ কমাণ্ডিং ৱেষ্টাৰ্ণ কমাণ্ড এয়াৰ ভাইচ মাৰ্শ্বেল ইডব্লিউ পিণ্টো, জেনেৰেল অফিচাৰ কমাণ্ডিং 15 কৰ্পছ লেফটেনেণ্ট জেনেৰেল বিক্ৰম সিং, জেনেৰেল অফিচাৰ কমাণ্ডিং ইনফেণ্ট্ৰী ডিভিজন নং 25ৰ মেজৰ জেনেৰেল কে.এন.ডি. নানাৱতী, ব্ৰিগেডিয়াৰ এছ.আৰ. অবেৰয় আৰু ফ্লাইট লেফটেনেণ্ট এছ এছ সোধী।
এয়া হয়তো ভাৰতৰ বাবে প্ৰথম ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা (Chopper Crash in India) আছিল আৰু তাৰ পিছত কিমান জন শীৰ্ষ বিষয়াই হেলিকপ্টাৰ দূৰ্ঘটনাত প্ৰাণ হেৰুৱালে তাৰ যেন সীমা নাই। এতিয়া আকৌ এটা ডাঙৰ হেলিকপ্টাৰ দুৰ্ঘটনা য'ত প্ৰাণ হেৰুৱালে দেশৰ প্ৰতিৰক্ষা মৰব্বী (Chief of Defense Staff)গৰাকীয়ে।
এতিয়ালৈকে বিশ্বত প্ৰায় ১২,০০০ Mi-17 হেলিকপ্টাৰ (Mi-17 Helicopter) নিৰ্মাণ কৰা হৈছে আৰু ভাৰতৰ হাতত ২০০তকৈও অধিক Mi-17 হেলিকপ্টাৰ আছে। Mi-17 হেলিকপ্টাৰত এজন পাইলট, সহ-পাইলট আৰু ফ্লাইট ইঞ্জিনিয়াৰসহ তিনিজন কৰ্মচাৰী থাকে। হেলিকপ্টাৰখনে ২৪ জন যাত্ৰীৰ লগতে সৰু গাড়ীও কঢ়িয়াই নিবলৈ সক্ষম। এই বিশেষ হেলিকপ্টাৰৰ ৪০০০ কিলোগ্ৰামতকৈ অধিক আভ্যন্তৰীণ পেলোড কঢ়িয়াই নিয়াৰ ক্ষমতা আছে। এই হেলিকপ্টাৰখনে ৩৬ জন জোৱানক সম্পূৰ্ণ সমৰ সজ্জাত কঢ়িয়াই নিবলৈ সক্ষম। Mi-17 বিমানখন এতিয়ালৈকে বিশ্বৰ ৬০খনতকৈও অধিক দেশত ব্যৱহাৰ কৰা হৈছে।
হেলিকপ্টাৰ খনত যাত্ৰীৰ বাবে এটা ডাঙৰ কেবিন আছে আৰু ইয়াক ভিআইপি সেৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এই হেলিকপ্টাৰখনেই জেনেৰেল বিপিন ৰাৱট (General Bipin Rawat)ৰ বাবে ব্যৱহাৰ কৰা হৈছিল। সেনা কমাণ্ডাৰসকলে প্ৰায়ে এই হেলিকপ্টাৰখন ব্যৱহাৰ কৰে। বহু দুৰ্যোগপীড়িতক উদ্ধাৰৰ বাবেও এই হেলিকপ্টাৰখন ব্যৱহাৰ কৰা হয়। শেহতীয়াকৈ এটা উদ্ধাৰ অভিযান এম আই ১৭ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছিল। অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ বানপীড়িত চিত্ৰাৱতী নদীত আৱদ্ধ ১০ জন লোকক এই হেলিকপ্টাৰযোগে উদ্ধাৰ কৰা হৈছিল। এইসকল লোকৰ বাবে Mi17হৈ পৰিছিল ত্ৰাণকৰ্তা।
১৯৭৫ চনতে প্ৰথম আকাশলৈ উৰা মৰা Mi17ক পিছলৈ বহুবাৰ আপগ্ৰেড বা উন্নীত কৰা হৈছে। ৪৫ বছৰ পুৰণি প্ৰযুক্তিৰ হেলিকপ্টাৰখন এতিয়াও যথেষ্ট উপযোগী। ইয়াক বহুমুখী কামৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ২০১৯ চনত এটা মিছাইলে বুদগামত আঘাত কৰাৰ ফলত এম আই ১৭ হেলিকপ্টাৰখন দূৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু ৬জন লোকে প্ৰাণ হেৰুৱাইছিল। পিছত বায়ু সেনাই স্বীকাৰ কৰিছিল যে এইয়া তেঁওলোকৰ ভুল আছিল। ২০১১ চনত টাৱাং চহৰৰ ওচৰত পৱনহংসৰ এখন Mi17 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এটা খাৱৈত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল । দুৰ্ঘটনাটোত ২৩ জন লোকৰ ভিতৰত ১৭ জনৰ মৃত্যু হৈছিল।
১৯২০ চনত ভাৰতীয় বায়ু সেনাৰ (IAF)ৰ এখন এমআই-১৭ হেলিকপ্টাৰে ছিকিমৰ চাটেনৰ পৰা মুকুটাংলৈ নিয়মীয়া টহলৰ সময়ত জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হৈছিল। অৱশ্যে সেই সময়ত কোনেও প্ৰাণ হেৰুৱাব নোৱাৰিলে। এই বছৰৰ আগষ্টমাহত মেক্সিকোৰ এখন সৰু উপকূলীয় চহৰৰ ওচৰত মেক্সিকান নেভিৰ এমআই-১৭ হিপ ইউটিলিটি হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত যাত্ৰীসকলৰ মাজত ভেৰাক্ৰুজ প্ৰদেশৰ গৃহ মন্ত্ৰী আছিল বুলি জানিব পৰা গৈছিল। ২০০৯ চনৰ ১৪ জানুৱাৰীত হেৰাটত আফগান বায়ু সেনাৰ এমআই ১৭ দুৰ্ঘটনাগ্ৰস্ত হয়। আফগানিস্তানৰ চাৰিজন আঞ্চলিক কমাণ্ডাৰৰ এজন মেজৰ জেনেৰেল ফজল আহমেদ ছায়েৰকে ধৰি হেলিকপ্টাৰত থকা ১৩ জন লোকৰ প্ৰত্যেকৰে মৃত্যু হয়। ২০১৫ চনত, গিলগিটৰ ওচৰত পাকিস্তান সেনাৰ এখন Mi17 দূৰ্ঘটনাগ্ৰস্ত হয়। এই দূৰ্ঘটনাত নৰৱে আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰদূত আৰু মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰদূতসকলৰ পত্নীসকলৰো মৃত্যু হৈছিল। পোলেণ্ড আৰু ডাচ্চ ৰাষ্ট্ৰদূতসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। ২০১৮ চনত কুৱেইটৰ সশস্ত্ৰ বাহিনীৰ চিফ অফ ষ্টাফ লেফটেনেণ্ট জেনেৰেল মহম্মদ আল-খুদাৰ আৰু কুৱেইট নৌসেনাৰ কমাণ্ডাৰ মেজৰ জেনেৰেল খালিদ মাহমুদ আব্দুল্লাক লৈ যোৱাৰ সময়ত শ্ৰীমঙ্গলত বাংলাদেশৰ বায়ু সেনাৰ এখন Mi17 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়, যদিও সকলোকে উদ্ধাৰ কৰা হয়।
এইদৰেই বিশ্বৰ বিভিন্ন প্ৰান্তত এইখন হেলিকপ্টাৰত যাত্ৰা কৰা বহু গুৰুত্বপূৰ্ণ ব্যক্তিয়ে অকালতে প্ৰাণ হেৰুৱাইছে। কিন্তু বুধবাৰৰ ঘটনাই পুনৰ এই হেলিকপ্টাৰখনৰ প্ৰতি ভাৰতবাসীৰ মোহভংগ যে ঘটোৱাৰ উপক্ৰম হৈছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by: Manjumoni Borah
FIRST PUBLISHED : December 09, 2021, 07:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।