• Home
  • »
  • News
  • »
  • nation
  • »
  • মহিলা কেপ্টেইনক চুমা খাই চাকৰি হেৰুৱালে সেনাৰ মেজৰ জেনেৰেলে

মহিলা কেপ্টেইনক চুমা খাই চাকৰি হেৰুৱালে সেনাৰ মেজৰ জেনেৰেলে

সহকৰ্মী মহিলা বিষয়াক চুমা খাই বৰ্খাস্ত হ’ল এগৰাকী ভাৰতীয় সেনাৰ মেজৰ জেনেৰল

সহকৰ্মী মহিলা বিষয়াক চুমা খাই বৰ্খাস্ত হ’ল এগৰাকী ভাৰতীয় সেনাৰ মেজৰ জেনেৰল

সহকৰ্মী মহিলা বিষয়াক চুমা খাই বৰ্খাস্ত হ’ল এগৰাকী ভাৰতীয় সেনাৰ মেজৰ জেনেৰল

  • Share this:
    বেজৰ নাকতে খৰ! সহকৰ্মী মহিলা বিষয়াক চুমা খাই বৰ্খাস্ত হ’ল এগৰাকী ভাৰতীয় সেনাৰ মেজৰ জেনেৰল। দুবছৰ পূৰ্বে মেজৰ জেনেৰেলজনে নাগালেণ্ডত অসম ৰাইফলছৰ ইন্সপেক্টৰ জেনেৰেল পদত থাকোতে অভিযোগকাৰী মহিলা বিষয়াগৰাকীক নিজৰ আৱাসলৈ বিভাগীয় কামত মাতিছিল। “বিভাগীয় কাম শেষ হোৱাৰ পিছত তেওঁ কেপ্টেইন মহিলাগৰাকীক বিদায় চুম্বন খুজিছিল আৰু তেওঁৰ গাল আৰু ওঁঠত চুমা দিবলৈ বল প্ৰয়োগ কৰিছিল! পিছত মহিলা বিষয়াগৰাকীয়ে মেজৰ জেনেৰেল জনৰ বিৰুদ্ধে আদালতৰ দৰস্থ হয়।

    যোৱা ২০১৮ চনৰ ২৩ ডিচেম্বৰতে বিষয়াজনক দোষী সাব্যস্ত কৰাৰ লগতে নিলম্বনৰ নিৰ্দেশ দিয়া হৈছিল। নিয়ম অনুসৰি উক্ত ৰায়টো কাৰ্য্যকৰী হ’বৰ বাবে সেনা প্ৰধানে অনুমোদন কৰিব লগীয়া হয়, যিটো সেনাপ্ৰধান বিপিন ৰাৱতে অলপতে স্বাক্ষৰ কৰি অনুমোদন কৰে। দীৰ্ঘদিন ধৰি চলি থকা গোচৰটোৰ সন্দৰ্ভত শনিবাৰেমেজৰ জেনেৰেলজনক তেওঁৰ বিৰুদ্ধে দিয়া এই ৰায়টোৰ বিষয়ে আনুষ্ঠানিকভাৱে অৱগত কৰা হয়। এতিয়া এনেদৰে নিজৰ মহিলা সহকৰ্মীক বলপূৰ্বক ভাবে শ্লীলতা হানি কৰাৰ অপৰাধত মেজৰ জেনেৰল জনে চাকৰি হেৰুওৱাৰ লগতে ভৱিষ্যতে কোনো ধৰণৰ পেন্সন লাভ নকৰাটোও স্পষ্ট হৈ পৰে।

     
    First published: