প্ৰৱল প্ৰসৱ যন্ত্ৰণা, চাৰিওফালে বৰফ, কান্ধত তুলি গৰ্ভৱতী মহিলাক হাস্পতাললৈ লৈ গ’ল সেনা জোৱানে

আঁঠু পৰ্যন্ত বৰফৰ মাজত প্ৰায় ২ কিলোমিটাৰ পথ কান্ধত তুলি মহিলাক চিকিত্সালয়লৈ লৈ যায় সেনা জোৱানে।
আঁঠু পৰ্যন্ত বৰফৰ মাজত প্ৰায় ২ কিলোমিটাৰ পথ কান্ধত তুলি মহিলাক চিকিত্সালয়লৈ লৈ যায় সেনা জোৱানে।
- News18 Assam
- Last Updated: January 8, 2021, 2:31 PM IST
কিছুদিনৰ পৰা জম্মু-কাশ্মীৰৰ বিস্তৃৰ্ণ এলেকা ঢাকি ৰাখিছে বৰফে। ইতিমধ্যে শীতৰ প্ৰকোপত মৃত্যু মুখত পৰিছে এজন চাব ইন্সপেক্টৰ, এজন চিআৰপিএফ জোৱান আৰু এগৰাকী মহিলা। ক্ষতিগ্ৰস্ত হৈছে বিভিন্ন অঞ্চল। এই পৰিস্থিতিৰ মাজতে ৫ জানুৱাৰীত হঠাত্ মাজ নিশা এজন সেনা জোৱানলৈ এজন ব্যক্তিৰ ফোন আহে। ব্যক্তিজনে কয় যে, তেওঁৰ অন্তঃসত্ত্বা পত্নীৰ পেইন আৰম্ভ হৈছে। হাস্পতাললৈ নিব লাগে। কিন্তু বৰফে ঢাকি ধৰাৰ ফলত কিদৰে হাস্পতাললৈ পত্নীক লৈ যাব, সেয়া ভাবিব পৰা নাছিল।
কাশ্মীৰৰ ফাৰকিয়ান জিলাৰ মঞ্জুৰ আহমেদ শেখ নামৰ সেই ব্যক্তিজনে সেনা জোৱানজনক জনাই যে, ‘যিমান সম্ভৱ, সিমান সোনকালে পত্নীক লৈ যাব লাগে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ। কোনো গাড়ীও পোৱা নাই। গতিকে সহায় লাগে সেনাবাহিনীৰ লোকে।
Heavy snow in Kashmir brings unprecedented challenges for citizens, especially in higher reaches. Watch the Soldier & Awam fighting it out together by evacuating a patient to the nearest PHC for medical treatment. #ArmyForAwam#AmanHaiMuqam pic.twitter.com/DBXPhhh0RP
— PRO Udhampur, Ministry of Defence (@proudhampur) January 7, 2021
চিকিত্সালয়ত ভৰ্তি কৰাৰ কিছু সময়ৰ পিছতে মহিলাগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। বৰ্তমান মাতৃ আৰু সন্তান দুয়ো সুস্থ বুলি জানিব পৰা গৈছে।