মুখ্যপৃষ্ঠা »খবৰ »দেশ »Group Captain Varun Singh : সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ১৪জনৰ ভিতৰত জীৱীত একমাত্ৰ ব্যক্তিজন, গ্ৰুপ কেপ্টেইন বৰুণ সিং কিদৰে ৰক্ষা পৰিল!

Group Captain Varun Singh : সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ১৪জনৰ ভিতৰত জীৱীত একমাত্ৰ ব্যক্তিজন, গ্ৰুপ কেপ্টেইন বৰুণ সিং কিদৰে ৰক্ষা পৰিল!

IAF's Group Captain Varun Singh Died

IAF's Group Captain Varun Singh Died

Group Captain Varun Singh: তামিলনাডুৰ কুন্নুৰৰ সমীপত বুধবাৰে হোৱা ভয়ংকৰ সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ১৪ জনৰ ১৩জনেই প্ৰাণ হেৰুৱাইছে। একমাত্ৰ জীৱীত আছে গ্ৰুপ কেপ্টেইন বৰুণ সিং। 

  • Share this:
প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল বিপিন ৰাৱাট (Chief of Defence Staff General Bipin Rawat)ৰ লগতে তেওঁৰ পত্নী আৰু আন ১১ জনলোকৰ মৃত্যু হোৱা ভয়ংকৰ সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা (Army Chopper Crash)ত দৈৱক্ৰমে প্ৰাণৰক্ষা পৰা একমাত্ৰ জীৱিত ব্যক্তি হৈছে ভাৰতীয় বায়ু সেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিং (Indian Air Force’s Group Captain Varun Singh).  গ্ৰুপ কেপ্টেইন বৰুণ সিঙক ২০২০ চনত আকাশমাৰ্গত জৰুৰীকালীন অৱস্থাত তেওঁৰ এল চি এ তেজছ যুঁজাৰু বিমান  (LCA Tejas Fighter Aircraft) দক্ষতাৰে ৰক্ষা কৰাৰ বাবে এই বছৰতে স্বাধীনতা দিৱসত শৌৰ্য চক্ৰ (Shaurya Chakra) প্ৰদান কৰা হৈছিল। মাজ আকাশতে তেজছ যুঁজাৰু বিমানখনৰ ফ্লায়িং কন্ট্ৰল ছিষ্টেম নষ্ট হোৱাৰ পিছতো বিমানখনৰ সফল লেণ্ডিং কৰাবলৈ সক্ষম হৈছিল বৰুণ সিঙে। এইজন সাহসী বায়ু সেনা বিষয়া গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ বৰ্তমান চিকিৎসা চলি আছে।

উত্তৰ প্ৰদেশৰ দেৱৰিয়া জিলাৰ কনহৌলি গাঁৱত ঘৰ গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ । তেওঁৰ পিতৃ কে পি সিঙো সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। তেওঁৰ এজন ভাতৃ নৌ সেনাত কৰ্মৰত। তেওঁৰ খুড়াক অখিলেশ প্ৰতাপ সিং প্ৰাক্তন কংগ্ৰেছী বিধায়ক আছিল।

২০২০ চনৰ ১২ অক্টোবৰত ১০ হাজাৰ ফুট উচ্চতাত লাইট কম্বেট এয়াৰক্ৰাফ্ট (LCA) তেজছৰ উৰণৰ সময়তে ককিটত বিজুটি হোৱাৰ উমান পাই তেওঁ অৱতৰণৰ চেষ্টা কৰিছিল। সেই সময়তে  ফ্লায়িং কন্ট্ৰল ছিষ্টেমো বিকল হোৱাত এক প্ৰকাৰ দুৰ্যোগৰ সন্মুখতে পৰিছিল। কিন্তু উইং কমাণ্ডাৰ পৰুণ সিঙে ধৈৰ্য নেহেৰুৱাই অদম্য সাহসৰ লগতে দক্ষতাৰ পৰিচয় দি তেজছ বিমানখন ৰক্ষা কৰিছিল।

উল্লেখেয যে তামিলনাডুৰ কুন্নুৰৰ সমীপত বুধবাৰে হোৱা ভয়ংকৰ সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা (Army Helicopter Crash)ত ১৪ জনৰ ১৩জনেই প্ৰাণ হেৰুৱাইছে। একমাত্ৰ জীৱীত আছে গ্ৰুপ কেপ্টেইন বৰুণ সিং।  এই দুৰ্ঘটনাত দেশৰ প্ৰতিৰক্ষা মুৰব্বী বিপিন ৰাৱট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱটৰো মৃত্যু হয়।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি