আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : যোগাসনত অংশগ্ৰহণ কৰিলে সেনাৰ ডগ ইউনিটৰ কুকুৰেও

News18-Assam
Updated:June 21, 2019, 9:22 AM IST
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : যোগাসনত অংশগ্ৰহণ কৰিলে সেনাৰ ডগ ইউনিটৰ কুকুৰেও
সেনা জোৱানৰ লগে লগে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰেও কৰিলে যোগ।

সেনা জোৱানৰ লগে লগে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰেও কৰিলে যোগ।

  • Share this:
আজি সমগ্ৰ দেশৰ লগতে বিদেশতো পালন কৰা হয় ৫ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সুস্বাস্থ্যৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হয় যোগ দিৱসৰ কাৰ্যসূচী। এই যোগ দিৱসতে দেখা গ’ল আন এক ব্যতিক্ৰমী দৃশ্য। সেনাৰ ডগ ইউনিটৰ কুকুৰেও অংশগ্ৰহণ কৰিলে যোগাসনত। সেনা জোৱানৰ লগে লগে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰেও কৰিলে যোগ।



ৰাঁচীত ৪০ হাজাৰ লোকৰ সৈতে যোগাসন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনহাতে, অৰুণাচলত ITBPৰ নৱম বেটেলিয়নৰ জোৱানসকলে অৰুণাচল প্ৰদেশৰ লোহিতপুৰৰ সমীপত দিগাৰু নদীত কৰিলে ‘ৰিভাৰ যোগ’। ছিকিমৰ দৰজিলাত মাইনাছ ১৫ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত যোগাসন ITBPৰ জোৱানৰ। হিমাচল প্ৰদেশত মাইনাছ ১০ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত যোগাসন কৰে ITBPৰ জোৱানসকলে। ভাৰত–পাক সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনা জোৱানৰ যোগাসন।
First published: June 21, 2019, 9:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading