সাধাৰণ লোকলৈ লক্ষ্য কৰি মৰ্টাৰ নিক্ষেপ পাকিস্তানৰ, নষ্ট কৰিলে ভাৰতীয় সেনাই – VIDEO

News18-Assam
Updated:September 17, 2019, 11:37 AM IST
সাধাৰণ লোকলৈ লক্ষ্য কৰি মৰ্টাৰ নিক্ষেপ পাকিস্তানৰ, নষ্ট কৰিলে ভাৰতীয় সেনাই – VIDEO
পাকিস্তানে নিক্ষেপ কৰা মৰ্টাৰটো পৰিয়ালটোৰ বাসগৃহৰ সমীপত পৰাৰ পিছত বিস্ফোৰণ হোৱা নাছিল।

পাকিস্তানে নিক্ষেপ কৰা মৰ্টাৰটো পৰিয়ালটোৰ বাসগৃহৰ সমীপত পৰাৰ পিছত বিস্ফোৰণ হোৱা নাছিল।

  • News18 Assam
  • Last Updated: September 17, 2019, 11:37 AM IST
  • Share this:
জম্মু–কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ এখন গাঁৱত সাধাৰণ লোকলৈ লক্ষ্য কৰি মৰ্টাৰ নিক্ষেপ পাকিস্তানৰ। শনিবাৰে যুদ্ধবিৰতি চুক্তি উলংঘা কৰি সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানে গুলীবৰ্ষণ কৰে। সেই সময়তে মেন্ধৰ ছেক্টৰৰ বালাকোট অঞ্চলত এটা বাসগৃহৰ সমীপত পৰেহি এটা মৰ্টাৰ। স্থানীয় লোকে মৰ্টাৰটো প্ৰত্যক্ষ কৰি সেনাক খবৰ দিয়ে।

সেনাৰ বিশেষজ্ঞই ঘটনাস্থলীত উপস্থিত হৈ সুৰক্ষিত স্থানত নষ্ট কৰে মৰ্টাৰটো। পাকিস্তানে নিক্ষেপ কৰা মৰ্টাৰটো পৰিয়ালটোৰ বাসগৃহৰ সমীপত পৰাৰ পিছত বিস্ফোৰণ হোৱা নাছিল। এই ঘটনাৰ ভিডিঅ’ প্ৰকাশ কৰিছে ভাৰতীয় সেনাই। শনিবাৰে বালাকোটসহ কেইবাখনো গাঁৱত যুদ্ধবিৰতি চুক্তি উলংঘা কৰি আক্ৰমণ কৰিছিল পাকিস্তানে। ভাৰতীয় সেনায়ো ইয়াৰ উচিত প্ৰত্যুত্তৰ দিছিল।




 NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

First published: September 16, 2019, 9:09 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading