‘এয়া মাত্ৰ এক উদাহৰণহে, ভাৰতে আক্ৰমণ কৰিলে ৰক্ষা নাপাব পাকিস্তানে’

PoKত ভাৰতীয় সেনাৰ ছাৰ্জিকেল ষ্ট্ৰাইক! প্ৰায় ১০ জন পাকিস্তানী সেনা নিহত হোৱাৰ লগতে বহুকেইটা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস হ’লঃ বিপিন ৰাৱট

News18-Assam
Updated:October 20, 2019, 7:11 PM IST
‘এয়া মাত্ৰ এক উদাহৰণহে, ভাৰতে আক্ৰমণ কৰিলে ৰক্ষা নাপাব পাকিস্তানে’
PoKত ভাৰতীয় সেনাৰ ছাৰ্জিকেল ষ্ট্ৰাইক! প্ৰায় ১০ জন পাকিস্তানী সেনা নিহত হোৱাৰ লগতে বহুকেইটা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস হ’লঃ বিপিন ৰাৱট
News18-Assam
Updated: October 20, 2019, 7:11 PM IST
‘সাৱধান পাকিস্তান, এনে ভুল আকৌ নকৰিব! এয়া মাত্ৰ এক উদাহৰণহে, ভাৰতে আক্ৰমণ কৰিলে ৰক্ষা নাপাব পাকিস্তানে।’  এই মন্তব্য ভাৰতীৰ সেনা প্ৰধান বিপিন ৰাৱটৰ। দেওবাৰে পুৱা পাকিস্তানৰ সেনাই যুদ্ধবিৰতি উলংঘন কৰি ভাৰতীয় সেনালৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে। জম্মু-কাশ্মীৰৰ তঙ্গধাৰ সীমান্তত পুৱাৰে পৰা পাক সেনাই কৰা গুলীবৰ্ষণত প্ৰাণ গ’ল ২ ভাৰতীয় সেনা জোৱানৰ।

পাকিস্তানৰ এনে আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই।   ভাৰতীয় সেনাৰ আক্ৰমণত নিহত হ’ল ৩৫ পাকিস্তানী জেহাদী।  লগতে ভাৰতীয় সেনাই ধ্বংস কৰিছে চাৰিটাকৈ পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি। Network18 এ লাভ কৰা চৰকাৰী তথ্য অনুসৰি আক্ৰমণত ছগৰাকী পাকিস্তানী সেনাৰো মৃত্যু হয়।

ভাৰতৰ সেনা প্ৰধানজনে লগতে কয় যে, জম্মু–কাশ্মীৰত যে পাকিস্তানী সন্ত্ৰাসবাদীয়ে দেশ অশান্ত কৰিবলৈ শিৱিৰ পতাৰ কুছকাৱাচ কৰিছিল, সেই তথ্য লাভ কৰিছিল ভাৰতীয় সেনাই।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি