দেশৰ প্ৰথম চীফ অৱ ডিফেন্স ষ্টাফ ৰূপে নিযুক্ত সেনাপ্ৰধান বিপিন ৰাৱট, কেবিনেটে লগালে মোহৰ

News18 Assam | News18-Assam
Updated:December 30, 2019, 6:04 PM IST
দেশৰ প্ৰথম চীফ অৱ ডিফেন্স ষ্টাফ ৰূপে নিযুক্ত সেনাপ্ৰধান বিপিন ৰাৱট, কেবিনেটে লগালে মোহৰ
ফাইল ফটো

মঙলবাৰে অৱসৰ গ্ৰহণৰ প্ৰাকক্ষণত সেনাপ্ৰধান বিপিন ৰাৱটক নতুনকৈ গঠন কৰা চীফ অৱ ডিফেন্স ষ্টাফৰূপে নিযুক্তি দিয়া হ’ব। তেওঁ আটাইকেইটা সেনা বাহিনীৰ মুৰব্বী আৰু চাৰি ষ্টাৰ জেনেৰেল হ’ব। 

  • Share this:
ভাৰতীয় থল সেনা বাহিনীৰ সেনাধ্যক্ষ বিপিন ৰাৱটক দেশৰ প্ৰথম চীফ অৱ ডিফেন্স ষ্টাফৰূপে নিযুক্তি দিয়াটো নিশ্চিত হৈ পৰিছে। কেবিনেট কমিটিয়ে ইতিমধ্যে ৰাৱটৰ নামত মোহৰ লগোৱাৰ কথা সূত্ৰত প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে ভাৰতত তিনিওটা সেনাৰ মুৰব্বী হিচাপে চিডিএছ নিযুক্তি দিয়া হ’ব। ৩১ডিচেম্বৰত বিপিন ৰাৱটে অৱসৰ লোৱাৰ কথা। জানিব পৰা মতে চিডিএছ আন সেনা প্ৰধানৰ সমান মৰ্যাদাৰ হলেও প্ৰট’কলৰ ক্ষেত্ৰত চিডিএছ সেনা প্ৰধানসকলৰ ওপৰত হ’ব।

উল্লেখযোগ্য যে প্ৰতিৰক্ষা মন্ত্ৰালয়ে চীফ অৱ ডিফেন্স ষ্টাফৰ অৱসৰৰ কাৰণে সৰ্বাধিক ৬৫বছৰলৈ সময়সীমা সংশোধন কৰিছে।



 

১৯৯৯চনৰ কাৰগিল যুদ্ধৰ পিছতে সুৰক্ষা বিশেষজ্ঞ সকলে ইয়াৰ দাবী উত্থাপন কৰি আহিছে। কাৰগিল যুদ্ধৰ পিছত তেতিয়াৰ উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীৰ অধ্যক্ষতাত গঠিত গ্ৰুপ অৱ মিনিষ্টাৰ্চ–এও সেনাৰ তিনিওটা অংগৰ মাজত সংগঠিত সম্বনয় প্ৰতিষ্ঠা কৰিবলৈ চিডিএছ পদৰ দাবী উত্থাপন কৰিছিল। সেই সময়ত কোৱা হৈছিল যে যদিহে এজন চিডিএছ থাকিলহেতেন তেতিয়া সেনাৰ তিনিওটা গোটৰ মাজত অধিক সু–সম্বনয় থকাৰ লগতে যুদ্ধত ক্ষতিৰ পৰিমাণ কম হ’লহেতেন। ২০বছৰ পিছত এই পৰামৰ্শ বাস্তৱায়িত কৰা হৈছে। চিডিএছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কাৰণে অন্য সেনাপ্ৰধানৰ দৰেই পৰামৰ্শদাতাৰ ভূমিকা পালন কৰিব। সেনাৰ তিনিওটা গোটৰ মুৰব্বীয়ে প্ৰতিৰক্ষা মন্ত্ৰীক নিজৰ নিজৰ গোট সম্বন্ধীয় পৰামৰ্শ আগৰ দৰেই দি থাকিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি