স্বামীৰ অমানুসিক অত্যাচাৰৰ বলি শ্বাহৰুখৰ ‘চক দে’ৰ ভাৰতীয় মহিলা হকী দলৰ ৰিয়েল লাইফ অধিনায়ক!

News18 Assam | News18-Assam
Updated:February 20, 2020, 6:50 PM IST
স্বামীৰ অমানুসিক অত্যাচাৰৰ বলি শ্বাহৰুখৰ ‘চক দে’ৰ ভাৰতীয় মহিলা হকী দলৰ ৰিয়েল লাইফ অধিনায়ক!
সংবাদমেলত খেলুৱৈয়ে উজাৰিলে ক্ষোভ।

সংবাদমেলত খেলুৱৈয়ে উজাৰিলে ক্ষোভ।

  • Share this:
অৰ্জুন বঁটা বিজয়ী তথা ভাৰতীয় মহিলা হকী দলৰ প্ৰাক্তন অধিনায়কে স্বামীৰ বিৰুদ্ধে যৌতুক বিচাৰি অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ কৰিছে। স্বামীয়ে যৌতুক বিচাৰি অত্যাচাৰ কৰাৰ কাৰণে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে সুৰজ লতা দেৱীয়ে।

সুৰজ লতা দেৱী


অভিযোগ মতে, পঞ্জাৱৰ কাপুৰথলাৰ ৰে’ল কোচ ফেক্টৰীত প্ৰদান কৰা এটা কক্ষত ২০১৯চনৰ ৯নৱেম্বৰত স্বামীয়ে প্ৰচণ্ড মাৰ পিট কৰে সুৰজ লতা দেৱীক। এই সন্দৰ্ভত ২০২০চনৰ ১০জানুৱাৰীত মণিপুৰৰ হেইগাং আৰক্ষী থানাত গোচৰ ৰুজু কৰে খেলুৱৈগৰাকীয়ে আৰু একেই আন এটা গোচৰ ৰুজু কৰা হয় পঞ্জাৱৰ চুলতানপুৰ লোধী আৰক্ষী থানাতো। অভিযোগ মতে, সুৰজ লতা দেৱীৰ স্বামী তথা ৰে’লৱেৰ প্ৰাক্তন কৰ্মচাৰী চান্তা কুমাৰে প্ৰায় তিনি ঘণ্টা সময় নিচাসক্ত অৱস্থাত তেওঁক মাৰ ধৰ কৰে। 

প্ৰাক্তন হকী কেপ্তেইন গৰাকীৰ মতে তেওঁৰ স্বামীয়ে যোৱা নৱেম্বৰ মাহত দুবাৰ তেওঁক মাটি যৌতুকত বিচাৰি হাৰাশাস্তি কৰে। শাৰীৰিক–মানসিক নানান ধৰণৰ অমানুসিক অত্যাচাৰ কৰাৰ লগতে পশ্চিম ৰে’লৱেৰ মুম্বাইত ‘অফিচ চুপাৰিটেণ্ডেণ্ট’ৰ চাকৰি এৰিবলৈও হেঁচা দিয়ে।

উল্লেখযোগ্য যে, মণিপুৰৰ ৩৯বছৰীয়া হকী খেলুৱৈগৰাকীয়ে একেৰাহে তিনিবাৰ ভাৰতীয় হকী দলক প্ৰতিনিধিত্ব কৰি সোণৰ পদক অৰ্জন কৰিছে। ২০০২ৰ কমনৱেলথ গেমছ, ২০০৩ৰ আফ্ৰো–এচিয়ান গেমছ আৰু ২০০৪ৰ হকী এছিয়া কাপত সুৰজ লতা দেৱীৰ নেতৃত্বত ভাৰতে সোণৰ পদক অৰ্জন কৰিছিল। ২০০২ৰ কমনৱেলথ গেমছত সোণৰ পদক জয় কৰাৰ কাহিনীৰে অনুপ্ৰাণিত হৈ ২০০৭চনত নিৰ্মাণ কৰা হৈছিল বলিউডৰ হিট ছবি শ্বাহৰুখ খান অভিনীত ‘চক দে’।

(মণিপুৰৰ পৰা News18ৰ সাংবাদিক এন্থেম বিশ্বজিতৰ প্ৰতিবেদন)
Published by: Tulika Devi
First published: February 20, 2020, 6:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি