• Home
  • »
  • News
  • »
  • nation
  • »
  • Arif Mohammad Khan : নেহৰুবাদী ধৰ্মনিৰপেক্ষতাই মুছলমানসকলক সমান নহয়, হিন্দুসকলৰ বাবে স্থায়ী সংখ্যালঘু ৰূপে চিহ্নিত কৰেঃ আৰিফ মহম্মদ খান

Arif Mohammad Khan : নেহৰুবাদী ধৰ্মনিৰপেক্ষতাই মুছলমানসকলক সমান নহয়, হিন্দুসকলৰ বাবে স্থায়ী সংখ্যালঘু ৰূপে চিহ্নিত কৰেঃ আৰিফ মহম্মদ খান

 মোৰ এতিয়াও এজন ইণ্ডোনেচিয়ানক লগ পোৱাৰ কথা মনত আছে যিয়ে বালিৰ বিখ্যাত কৃষ্ণ-অৰ্জুনৰ মূৰ্তিটোলৈ আঙুলিয়াই কৈছিল- "ইছলাম আমাৰ ধৰ্ম আৰু এইটো আমাৰ সংস্কৃতি।" 

 মোৰ এতিয়াও এজন ইণ্ডোনেচিয়ানক লগ পোৱাৰ কথা মনত আছে যিয়ে বালিৰ বিখ্যাত কৃষ্ণ-অৰ্জুনৰ মূৰ্তিটোলৈ আঙুলিয়াই কৈছিল- "ইছলাম আমাৰ ধৰ্ম আৰু এইটো আমাৰ সংস্কৃতি।" 

 মোৰ এতিয়াও এজন ইণ্ডোনেচিয়ানক লগ পোৱাৰ কথা মনত আছে যিয়ে বালিৰ বিখ্যাত কৃষ্ণ-অৰ্জুনৰ মূৰ্তিটোলৈ আঙুলিয়াই কৈছিল- "ইছলাম আমাৰ ধৰ্ম আৰু এইটো আমাৰ সংস্কৃতি।" 

  • Share this:
১৯৮০ৰ দশকৰ আৰম্ভণিৰ পৰাই কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে দেশৰ মৌলবাদী (fundamentalist) শক্তিসমূহৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে যুঁজ দি আহিছে, সেয়া ৰাজীৱ গান্ধীৰ শাসনকালত শ্বাহ বানু গোচৰেই হওক বা নৰেন্দ্ৰ মোদীৰ সময়ত উদুপী হিজাব বিতৰ্কৰ ক্ষেত্ৰতেই হওক। কিন্তু ব্যংগ এয়াই যে উদাৰবাদীসকলেও তেওঁক ঘৃণা কৰে, তেওঁক "ইছলামোফোবিক" বুলি অভিযোগ কৰে। আৰু এইটোৱেই হৈছে ভাৰতত অনুসৰণ কৰা ধৰ্মনিৰপেক্ষতাৰ বিষম ৰূপৰ প্ৰমাণ। যি নহওক, খান অৱশ্যে অবিচলিত হৈ আছে। সংবাদ সংস্থা ফাৰ্ষ্টপোষ্টৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত খানে (Arif Mohammad Khan) কিছু বিতৰ্কিত ইছ্যু তথা স্বাধীনতাৰ পিছত ভাৰতত চলি থকা সংখ্যালঘু-সংখ্যাগৰিষ্ঠ ৰাজনীতিক লৈ মত আগবঢ়ায়। সাম্প্ৰতিক ঘটনাপ্ৰবাহৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমি ফাৰ্ষ্টপোষ্টত (Firstpost) প্ৰকাশিত সাক্ষাৎকাৰটো পাঠকলৈ আগবঢ়ালোঁ। Firstpostৰ হৈ এই সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল উৎপল কুমাৰে।

আপোনাক প্ৰায়ে মৌলবাদীসকলে আক্ৰমণ কৰিছিল। ইয়াৰ শেহতীয়া ঘটনাটো ঘটিছিল আপোনাৰ সবৰীমালা আৰু উজ্জয়িনী মহাকাল মন্দিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত, যেতিয়া এজন চুন্নী নেতাই কৈছিল যে ইছলাম ত্যাগ কৰাৰ বাবে আপোনাৰ দুৱাৰ খোলা আছে। এজন মুছলমান তথা মুছলমান ৰাজ্যপালে মন্দিৰলৈ কিয় যাব নোৱাৰে? আপুনি এই পৰিঘটনাটো কেনেদৰে ব্যাখ্যা কৰিব?

এই লোকসকলে যিকোনো কথা বা ক'বলৈ গ'লে সকলোবোৰ কথাতে অস্বস্তিবোধ কৰে, তেওঁলোকে প্ৰায়ে হিংসাত্মকভাৱে আপত্তি কৰে। মই যিটো যথেষ্ট হাস্যকৰ বুলি অনুভৱ কৰোঁ সেয়া হ'ল যে মই প্ৰথমবাৰৰ বাবে মন্দিৰ দৰ্শন কৰা নাই। মই কেইবাটাও মন্দিৰ পৰিদৰ্শন কৰিছিলোঁ আৰু ১৯৮০ৰ দশকৰ আৰম্ভণিতে যেতিয়া মই সংসদৰ সদস্য আছিলোঁ, তেতিয়া কিছুমান মন্দিৰ নিৰ্মাণত অৰিহণা যোগাইছিলোঁ। মোৰ ওপৰত তেতিয়া মোৰ মন্দিৰ ভ্ৰমণৰ বাবে ফতোৱা জাৰি কৰা হৈছিল। শ্বাহ বানু গোচৰৰ সময়ত মই ১৯৮৬ চনত কেইবাটাও ফতোৱা লাভ কৰিছিলো। গতিকে, এতিয়া আকৌ এই মৌলবাদী উপাদানবোৰ কিয় আচৰিত আৰু হতবাক হৈছে? তেওঁলোকে ইতিমধ্যে মোৰ ওপৰত কেইবাটাও ফতোৱা (fatwa) জাৰি কৰিছে। তেওঁলোকে আৰু অধিক কৰিব পাৰে।

মই ভাবোঁ মোৰ ঈশ্বৰ মন্দিৰ বা মছজিদ কোনো উপাসনাস্থলীতে সীমাবদ্ধ নহয়। এটা বিখ্যাত বাণী (famous Prophetic tradition) আছে, য'ত কোৱা হৈছে যে যিসকল অসুস্থ, ভোকাতুৰ আৰু বেদনাত ভুগি আছে ভগৱানক তাত বিচাৰি পোৱা যায়। ভগৱৎ গীতাত এটা সুন্দৰ শ্লোক আছে য'ত কোৱা হৈছে- য়ো মাং পশ্যতি সৰ্বত্ৰ সৰ্বঞ্চ ময়ি পশ্যতি। তস্যাহং ন প্ৰণশ্যামি স চ মে ন প্ৰণশ্যতি।। (যিসকলে মোক সকলো ঠাইতে দেখে আৰু মোৰ মাজত সকলো বস্তু দেখে, মই কেতিয়াও হেৰাই যোৱা নাই, বা তেওঁলোকে কেতিয়াও মোৰ হাতত হেৰাই যোৱা নাই)। মই এজন বিশ্বাসী, কিন্তু মই এজন ৰীতি-নীতিবিদ নহয়। মোৰ বাবে, ঈশ্বৰ সৰ্বব্যাপী আৰু মন্দিৰ বা মছজিদত সীমাবদ্ধ নহয়।

এজন মোল্লাই আপোনাক ঘৃণা কৰাটো স্বাভাৱিক। কিন্তু ব্যংগ এয়াই যে আপোনাক তথাকথিত উদাৰবাদীসকলেও লক্ষ্য কৰি লৈছে, যাৰ ভিতৰত আছে আপোনাৰ নিজৰ সহ-ধৰ্মবাদীসকল। এই বিৰোধক কি বুলি ব্যাখ্যা কৰিব?

উদাৰবাদী হিন্দুসকলে (Liberal Hindus) মোক তেওঁলোকৰ কাল্পনিক ধৰ্মনিৰপেক্ষতাৰ ধাৰণাৰ বাবে লক্ষ্য কৰে, যি তেওঁলোকক ৰাজনৈতিকভাৱে শুদ্ধ হ'বলৈ উৎসাহিত কৰে। মুছলমান উদাৰবাদীসকলৰ ক্ষেত্ৰত, মোৰ কোনো সন্দেহ নাই যে তেওঁলোকৰ বেছিভাগেই তেওঁলোকৰ ব্যক্তিগত জীৱনত উদাৰ আৰু ধৰ্মনিৰপেক্ষ, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁলোকে নিজকে এক সাম্ৰাজ্যবাদী সংস্কৃতিৰ সৈতে সংযুক্ত কৰে। তেওঁলোকে ইছলামীয় আধিপত্যবাদী মানসিকতাক আত্মস্থ কৰা যেন লাগিছে, যিয়ে তেওঁলোকক বিশ্বাস কৰায় যে তেওঁলোক শাসক শ্ৰেণীৰ আৰু তেওঁলোকৰ আগমনৰ আগতে ভাৰতত অন্ধকাৰ আছিল, কম সংখ্যকে উপলব্ধি কৰিব পাৰে যে পয়গম্বৰে (Prophet) নিজেই কৈছিল তেওঁ "হিন্দৰ পৰা অহা এচাটি শীতল বতাহ" অনুভৱ কৰিব পাৰে। আৰৱ বুৰঞ্জীবিদসকলে ভাৰতৰ বিষয়ে কি লিখিছিল সেই বিষয়েও তেওঁলোক অৱগত নহয়, তেওঁলোকে কৈছিল যে বিশ্বৰ পাঁচটা সভ্যতাৰ ভিতৰত ভাৰত হৈছে একমাত্ৰ যি জ্ঞান আৰু জ্ঞানৰ প্ৰচাৰৰ বাবে জনাজাত আছিল।

তেওঁলোকে সংস্কৃতি আৰু ধৰ্মৰ মাজৰ পাৰ্থক্য বুজা উচিত। মই বহুতো ভাৰতীয় মুছলমানক ভাৰতীয় নাম ব্যৱহাৰ কৰাত সমস্যা থকা দেখিছোঁ, কিন্তু তেওঁলোকে আনন্দেৰে ৰুস্তম, সোহৰাব বা পাৰভেজৰ দৰে ইৰাণী নাম গ্ৰহণ কৰে। ইয়াৰ কাৰণ হৈছে আৰৱৰ তুলনাত ইৰাণীসকলে তেওঁলোকৰ সাংস্কৃতিক ক্ষেত্ৰত সবল ৰূপে থিয় দিছিল। মোৰ এতিয়াও এজন ইণ্ডোনেচিয়ানক লগ পোৱাৰ কথা মনত আছে যিয়ে বালিৰ বিখ্যাত কৃষ্ণ-অৰ্জুনৰ মূৰ্তিটোলৈ (famous Krishna-Arjun statue in Bali) আঙুলিয়াই কৈছিল- "ইছলাম আমাৰ ধৰ্ম আৰু এইটো আমাৰ সংস্কৃতি।" ভাৰতীয় মুছলমানসকলে ইৰাণী বা আনকি ইণ্ডোনেচিয়ানসকলৰ পৰা শিকিব লাগিব, আৰু সংস্কৃতি আৰু ধৰ্মৰ মাজত পাৰ্থক্য টনাটো আৰম্ভ কৰিব লাগিব।

তথাকথিত উদাৰবাদীসকলে প্ৰায়ে আপোনাক সংখ্যালঘুসকলক উত্তেজিত কৰাৰ অভিযোগ কৰে, তেওঁলোকে আনকি আপোনাক ইছলামোফোবিক বুলিও অভিযোগ কৰে। আপোনাৰ মন্তব্য?

মই ইছলামোফোবিক (Islamophobic) নহয়। মই কিয় হ'ব লাগে? মই এটা মুছলমান পৰিয়ালৰ পৰা আহিছোঁ। কিন্তু নিৰ্যাতিতৰ কাহিনীক লৈ মোৰ সমস্যা আছে। কিয়নো আপুনি এবাৰ নিৰ্যাতিত বুলিলে, ই আপোনাক কম আত্মবিশ্বাসী কৰি তোলে, ই আপোনাক মূলসুঁতিৰ পৰা আঁতৰাই ৰাখে। মই বিশ্বাস কৰোঁ যে আইনৰ উপযুক্ত প্ৰক্ৰিয়া অবিহনে কাকো হত্যা কৰা উচিত নহয়। কিন্তু মোৰ এটা সমস্যা আছে যেতিয়া সংকীৰ্ণ ৰাজনৈতিক লাভৰ বাবে এটা লিঞ্চিং আখ্যান সৃষ্টি কৰা হয়। মোক হত্যা কৰিবলৈ পাঁচবাৰ প্ৰয়াস কৰা হৈছে। শেষৰটো জামিয়া মিলিয়াত তৈয়াৰ কৰা হৈছিল য'ত মই মুচিৰুল হাছানৰ সমাধি শোভাযাত্ৰাত অংশ ল'বলৈ গৈছিলো, মই কথমপি বাচি গৈছিলোঁ।

দাদৰী কাণ্ডৰ আগতেও লিঞ্চিং চলি আছিল। যিজন ব্যক্তিৰ কিতাপখনক লৈ মুছলমানসকলে আপত্তি কৰিছিল, তেওঁ এতিয়াও জীয়াই আছে, কিন্তু ইয়াৰ নামত কিমানজন লোকক হত্যা কৰা হৈছে? তিনিশ পঞ্চাশ! বেছিভাগ ভুক্তভোগীয়ে কেৱল কিতাপখন প্ৰকাশ কৰা সংগঠনটোৰ বাবে কাম কৰি আছিল। গতিকে, লিঞ্চিঙৰ এই সংস্কৃতি কোনে প্ৰৱৰ্তন কৰিছিল? আমি  কোনো মতত অসন্মতি দেখুৱাবলৈ লিঞ্চিঙক এক সঁজুলি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ, আৰু যেতিয়া আনে আমাক অনুকৰণ কৰা আৰম্ভ কৰে, আমি নিৰ্যাতিত বুলি দাবী কৰোঁ! এইটো ঠিক নহয়।

আমি ধৰ্মনিৰপেক্ষতাৰ নামত সংখ্যালঘু-প্ৰশ্ৰয়ক তুলি ধৰা দেখিছোঁ। আনকি মনমোহন সিঙৰ দৰে কোনোবাই ভাৰতৰ সম্পদৰ প্ৰথম অধিকাৰৰ বাবে সংখ্যালঘুসকলক সংজ্ঞায়িত কৰিছিল। আপুনি ইয়াক কেনেদৰে চায়?

ধৰ্মনিৰপেক্ষতাৰ এই ব্যাখ্যাত মই ৰাজহুৱাভাৱে আপত্তি জনাইছোঁ। ই হিন্দু আৰু মুছলমানসকলৰ মাজত অবিশ্বাসৰ সৃষ্টি কৰে, ৰাষ্ট্ৰীয় সম্পদৰ প্ৰতিযোগী হিচাপে ইজনক সিজনৰ বিৰুদ্ধে ৰাখে। এইটো এটা শূন্য ৰাশিৰ খেল, মূলতঃ ব্ৰিটিছসকলে এটা সম্প্ৰদায়ক আন এটা সম্প্ৰদায়ৰ বিৰুদ্ধে ৰাখিবলৈ খেলিছিল। স্বাধীনতাৰ আগতে আমাৰ নেতাসকলে বিভাজন আৰু শাসনৰ এই ঔপনিৱেশিক নীতিৰ বিৰোধিতা কৰিছিল। কিন্তু ১৯৪৭ চনৰ পিছত আমাৰ নিজৰ বহুসংখ্যক ৰাজনীতিবিদে এই নীতি গ্ৰহণ কৰিছিল। স্বাধীনতাৰ আগতে এয়া হিন্দু বনাম মুছলমান (Hindus and Muslim) আছিল, স্বাধীনতাৰ পিছত ই সংখ্যাগৰিষ্ঠ বনাম সংখ্যালঘুৰ (majority versus minority) বিষয় হৈ পৰিছিল।

মই স্পষ্টভাৱে কওঁ যে মই "সংখ্যালঘু" শব্দটোৰ ব্যৱহাৰৰ প্ৰতি বিৰক্তি প্ৰকাশ কৰোঁ। এই শব্দটোৰ ব্যৱহাৰে মুছলমানসকলক দুৰ্বল সত্তাৰ প্ৰাণী হিচাপে চাবলৈ আগ্ৰহী কৰে। ই সমান নাগৰিকত্ব, গৌৰৱৰ অনুভূতিৰ ধাৰণাটোৰ পৰা আমাক আঁতৰাই আনে। নেহৰুবাদী ধৰ্মনিৰপেক্ষতাৰ আটাইতকৈ মৌলিক মূৰ্খতাটো হ'ল যে ই মুছলমানসকলক সমানতাৰ ৰূপত নহয়, বৰঞ্চ হিন্দুসকলৰ বাবে স্থায়ী সংখ্যালঘু ৰূপত স্থাপিত কৰি নিন্দিত কৰিছে।

শ্বাহ বানুৰ পৰা তিনি তালাকলৈকে, আপুনি ৰাজীৱ গান্ধী আৰু এতিয়া নৰেন্দ্ৰ মোদী (Narendra Modi)ৰ সৈতে কাম কৰিছে। আমোদজনকভাৱে, বিভিন্ন পদত থকা দুয়োজন নেতা ৰাম মন্দিৰৰ সৈতে জড়িত আছিল। আপুনি তেওঁলোকক আৰু সমস্যাবোৰৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগী, বিশেষকৈ সংখ্যালঘুসকলৰ সৈতে সম্পৰ্কিত দৃষ্টিভংগীক কেনেদৰে চায়?

মই তুলনাত বিশ্বাস নকৰোঁ। মই অৱশ্যে কম যে ৰাজীৱজী (Rajiv Gandhi) এজন ভদ্ৰলোক আছিল। তেওঁ শ্বাহ বানুৰ সৈতে যি কৰিছিল সেয়া নকৰিলেহেঁতেন কিন্তু তেওঁৰ ভুল পৰামৰ্শদাতাসকলৰ বাবে এনে হৈছিল। নৰেন্দ্ৰ মোদীজীৰ ক্ষেত্ৰত, আপুনি জানি আচৰিত হ'ব যে গুজৰাট হিংসাৰ পিছত মই তেওঁক সমালোচনা কৰিছিলোঁ, আৰু যদি মই গুজৰাটত ছমাহ নকটালো হয়, তেন্তে মই তেওঁক সঠিকভাৱে বিচাৰ নকৰিলোঁহেঁতেন।

কেৰালাৰ ৰাজ্যপাল হোৱাৰ আগতে মই তেওঁক মাত্ৰ তিনিবাৰ লগ পাইছিলোঁ, আৰু সেয়াও তিনি তালাক প্ৰেক্ষাপটত। উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত মই ছয় পৃষ্ঠাৰ এখন চৰম পত্ৰ লিখিছিলোঁ, য'ত কোৱা হৈছিল যে যদি মোদীয়ে তিনি তালাক আইন ৰখাত বিফল হয়, তেন্তে আমি ৰাজীৱ গান্ধীয়ে ১৯৮৬ চনৰ শ্বাহ বানু (Shah Bano) গোচৰত কৰা ভুলটো কৰিম। পিছদিনা তেওঁ মোক ফোন কৰিছিল, আৰু ৪৫ মিনিটৰ বাৰ্তালাপৰ সময়ত তেওঁ মোক কৈছিল যে আইন মন্ত্ৰালয়ে মোক বিষয়টো আলোচনা কৰিবলৈ মাতিব। অৱশেষত যেতিয়া সংসদৰ দুয়োখন সদনৰ পৰা তিনি তালাক বিধেয়ক গৃহীত হৈছিল, মই প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাবলৈ লগ কৰিছিলোঁ। আৰু মোদীয়ে তেওঁৰ স্বভাৱসুলভ শৈলীত মোক সুধিছিল যে মই কিছু দায়িত্ব ল'বলৈ ইচ্ছুক হ'ম নেকি। এই সুকীয়া ঘটনাই দেখুৱাইছিল যে মোদীৰ বাবে ব্যক্তিগত আনুগত্য গুৰুত্বপূৰ্ণ নহয়, কেৱল বিষয়বোৰেই সৰ্বাধিক আছিল।

আপুনি উদুপি হিজাব (Udupi hijab) বিতৰ্কক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছিল। কিয়?

মই সদায় বিশ্বাস কৰি আহিছোঁ যে হিজাব বিতৰ্ক প্ৰকৃততে এটা ষড়যন্ত্ৰ। যেতিয়া আপুনি কোনো প্ৰতিষ্ঠানলৈ যায়, শিক্ষাগতই হওক বা আন কোনো, আপুনি সেই স্থানৰ পোছাক বিধি অনুসৰণ কৰে। প্ৰতিষ্ঠানটোৱে নিৰ্বাচিত কেইজনমানৰ বাবে ইয়াৰ নিয়ম সলনি নকৰিব। মই এই যুৱতীসকলৰ বাবে দুখ অনুভৱ কৰোঁ, তেওঁলোক নিৰ্দোষ আৰু মোদী চৰকাৰক লক্ষ্য কৰি লোৱা ডাঙৰ, ভয়ানক খেলৰ বাবে তেওঁলোকক বন্ধকী বনোৱা হৈছে। পৰম্পৰাগতভাৱেও হিজাব ইছলামৰ এক অবিচ্ছেদ্য অংগ নহয়। বহুতো উদাহৰণ আছে যে পয়গম্বৰৰ সময়ত মহিলাসকলে হিজাব পৰিধান নকৰে। পয়গম্বৰৰ পত্নীৰ ভতিজীৰ দৰে ওচৰৰ কোনোবাই ইয়াক পিন্ধিবলৈ অস্বীকাৰ কৰিছিল।

কিন্তু বহুতো মোল্লা আছে যিয়ে কয় যে হিজাব অপৰিহাৰ্য?

কোৰাণে স্পষ্টভাৱে এইটো নিৰ্ধাৰণ কৰিছে যে ইছলামৰ পাঁচটা স্তম্ভ আছে। যদি ইছলামৰ ওচৰত এই পাঁচটা স্তম্ভ আছে, তেন্তে আমি ইয়াত ষষ্ঠটো কিয় যোগ কৰিব লাগে? মোৰ কৰ্তৃত্ব আছে নেকি? হিজাব পাঁচটা স্তম্ভত অন্তৰ্ভুক্ত নেকি? পাঁচটা স্তম্ভ স্পষ্টভাৱে নিৰ্ধাৰণ কৰা হৈছে। দৰাচলতে, কোৰাণত 'হিজাব' শব্দটো মাত্ৰ সাতবাৰ ব্যৱহাৰ কৰা হৈছে।

গতিকে, আপুনি ভাবেনে যে এইটো দেশত ইউনিফৰ্ম চিভিল কোড অনাৰ সময়?

প্ৰকৃততে ইউনিফৰ্ম চিভিল কোড (Uniform Civil Code) শব্দটো সঠিক শব্দ নহয়। ধাৰণাটো একৰূপতাৰ নহয়, কিন্তু উমৈহতীয়া অধিকাৰ আৰু দায়বদ্ধতাৰ বাবে ইয়াক তৈয়াৰ কৰা হয়। গতিকে সঠিক শব্দটো হৈছে কমন চিভিল কোড। আমি বুজিব লাগিব যে কমন চিভিল কোড (Common Civil Code) হৈছে এক সাংবিধানিক বাধ্যবাধকতা, আমাৰ সংবিধান সভাৰ দ্বাৰা সিদ্ধান্ত লোৱা বিষয়। একমাত্ৰ বিতৰ্কৰ বিষয় হৈছে ইয়াৰ সময়ক লৈ, এইটো এতিয়া বনাব লাগে নে আমি আৰু কিছু সময় অপেক্ষা কৰা উচিত?
Published by:Gautam Barman
First published: