যৌনতা, আকৰ্ষণৰ কিবা বিশেষ সূত্ৰ আছে নে কি? জটিল প্ৰশ্নৰ সহজ উত্তৰ

News18 Assam | News18-Assam
Updated:November 17, 2020, 7:18 PM IST
যৌনতা, আকৰ্ষণৰ কিবা বিশেষ সূত্ৰ আছে নে কি? জটিল প্ৰশ্নৰ সহজ উত্তৰ
Source-Google

  • Share this:
প্ৰশ্ন১ : বয়সীয়াল মহিলাৰ প্ৰতি আকৰ্ষণ স্বাভাৱিক নে কি? তেওঁলোক মোতকৈ ১০–১৫বছৰ আৰু কেতিয়াবা ২০বছৰে ডাঙৰ। মই এজন ২৪ বছৰীয়া যুৱক, অকলশৰীয়া আৰু তেওঁলোক বিবাহিত হোৱা স্বত্বেও যৌন সম্পৰ্ক আছে। মই আকৰ্ষিত হোৱা BBW মহিলাৰ অৰ্থ হৈছে “big, beautiful woman”, কিন্তু বহুতে ইয়াক ‘শকত’ বুজাবলৈ ব্যৱহাৰ কৰে।

এই BBW দৰাচলতে সন্মানসূচক যদিও বহুতে ইয়াক পৰ্ণগ্ৰাফিক আৰু যৌন উত্তেজক পৰিভাষাত ব্যৱহাৰ কৰে। শকত মহিলাৰ এনে সীমা চেৰাই যোৱা যৌন উত্তেজক পৰিভাষা প্ৰকৃততে মানহানিকৰ। মোৰ কাৰণে BBW ৰ অৰ্থ হৈছে শকত মহিলাইও যৌনতা অনুভৱ কৰিব পাৰে আৰু তেওঁলোক নিজৰ শৰীৰৰ আকৃতি প্ৰকৃতি লৈ সজাগ।

সাধাৰণতে বয়সীয়াল মহিলাৰ সৈতে সম্পৰ্ক হোৱাৰ কাৰণ ভিন্ন। বয়সীয়াল মহিলাবোৰ যৌনতাৰ দিশৰ পৰা পৰিপক্ক। নিজৰ মনোভাৱ ব্যক্ত কৰাত খোলোচা।

সাধাৰণতে কম বয়সীয়া এজন সংগীক সুখী কৰিব পৰাটো এক প্ৰকাৰ উদ্বেগ। কিন্তু বয়সীয়াল সংগীয়ে এইক্ষেত্ৰত বুজা পৰা ৰক্ষা কৰি পৰিপক্কতাৰে সম্পৰ্কক উভয়ৰ কাৰণে সুখকৰ কৰিব পাৰে।

অন্যান্য ক্ৰিয়া–কলাপৰ দৰে যৌন অভিজ্ঞতাৰো পৰিণতি থাকে, আৱেগিক, মনোবৈজ্ঞানিক, মনোদৈহিক আদি। গতিকে প্ৰত্যেকৰে মন–মস্তিষ্কৰ চাহিদাৰ প্ৰতি নজৰ ৰাখি কাৰ্য কৰাটো সমীচিন। কেইবাটাও দিশ বিবেচনা কৰিব লগা হয় যেন, আপোনালোক দুয়োয়ে এই সম্পৰ্কক এনেই উপৰুৱাকৈ লৈছে নে? ইয়াতকৈ উৰ্ধৰ এক সম্পৰ্ক হিচাপে লৈছে। এনে উপৰুৱা যৌন সম্পৰ্কৰ বহুতো নেতিবাচক ভংগী থাকে যেনে অনুশোচনা, ব্যৰ্থতাৰ অনুভৱ, একাকিত্ব, দোমোজা, নিম্ন আত্মসন্মান আৰু এইসমূহ উপৰুৱা যৌন সম্পৰ্কত থাকিব পাৰে। গতিকে একাধিক মহিলাৰ সৈতে যৌন সম্পৰ্ক আপোনাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলাব পাৰে? এই প্ৰশ্নৰ উত্তৰ নিজকে দিয়ক আৰু আপুনি জানিব যে আপুনি দৰাচলতে কি কৰিব লাগে। যদি আপোনাৰ আকৰ্ষণ সহজাত তেনেহ’লে আপুনি সেয়া উদযাপন কৰা উচিত!
First published: November 17, 2020, 7:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading