মুখ্যপৃষ্ঠা »খবৰ »দেশ »দীপাৱলীৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ভাল খবৰ! মোদী চৰকাৰে শীঘ্ৰে কৰিব পাৰে ঘোষণা

দীপাৱলীৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ভাল খবৰ! মোদী চৰকাৰে শীঘ্ৰে কৰিব পাৰে ঘোষণা

দীপাৱলীৰ পূৰ্বে ১৮ মাহ ধৰি বন্ধ হৈ থকা ডি এৰ টকা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলক দিয়া হ’ব পাৰে।

দীপাৱলীৰ পূৰ্বে ১৮ মাহ ধৰি বন্ধ হৈ থকা ডি এৰ টকা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলক দিয়া হ’ব পাৰে।

  • Share this:


দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে আহিব পাৰে ভাল খবৰ। কোৰোণা মহামাৰীৰ ফলত প্ৰায় ডেৰ বছৰৰ ডি এ বন্ধ কৰি ৰখা হৈছিল কৰ্মচাৰীসকলৰ। সূত্ৰৰ খবৰ অনুসৰি, খুব শীঘ্ৰে ডি এ প্ৰদান কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে। প্ৰায় ১৮ মাহ ধৰি বন্ধ হৈ থকা ডিএৰ বিষয়টো প্ৰধানমন্ত্ৰী মোদীৰ ওচৰলৈ গৈছে। মিডিয়া ৰিপ’ৰ্ট অনুসৰি, শীঘ্ৰে এই বিষয়ে সিদ্ধান্ত ল’ব পাৰে মোদী চৰকাৰে। অনুমান কৰা হৈছে, দীপাৱলীৰ পূৰ্বে ১৮ মাহ ধৰি বন্ধ হৈ থকা ডি এৰ টকা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলক দিয়া হ’ব পাৰে।

ইণ্ডিয়ান পেঞ্চনাৰ্ছ ফ’ৰামে প্ৰধানমন্ত্ৰীৰ ওচৰত কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ ডিএ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক পত্ৰযোগে এই বিষয়ত সহায় বিচৰা হৈছে।

ডিপাৰ্টমেণ্ট অব এক্সপেণ্ডিচাৰে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ ডি এ ১৭ শতাংশৰ পৰা বৃদ্ধি কৰি ২৮ শতাংশ কৰিছে। কোৰোণা মহামাৰীৰ বাবে বিত্ত মন্ত্ৰণালয়ে ৩০ জুন ২০২১লৈ ডি এ বন্ধ কৰি ৰাখিছিল। ১ জানুৱাৰীৰ পৰা ৩০ জুন ২০২১লৈ ডিএ ১৭ শতাংশ আছিল।

শেহতীয়া বাতৰি