ওড়িশাৰ কালাহাণ্ডী জিলাত বাস কৰা এগৰাকী ব্লেকমেইলাৰ যুৱতীৰ কাণ্ডই ৰাজ্যখনৰ সমাজ–ৰাজনীতিত একপ্ৰকাৰৰ আলোড়ন সৃষ্টি কৰিছে। এটা দৰিদ্ৰ পৰিয়ালৰ পৰা চহৰলৈ অহা এই যুৱতীয়ে ৪ বছৰৰ ভিতৰত অৰ্জন কৰিছিল ৩০ কোটি টকা।
কোনো লটাৰী খেলি নহয়, তেওঁ এই ধনৰ গৰাকী হৈছিল অসামাজিক কৰ্মৰ জৰিয়তে। যুৱতীগৰাকী অৰ্চনা নাগ। নাগৰ আজিৰ দিনত আছে বিলাসী গাড়ী, কেইবাটাও উচ্চ জাতৰ কুকুৰ, বগা ঘোঁৰা আৰু এটা প্ৰাসাদোপম ঘৰৰ লগতে কেইবাঠাইতো মাটি–বাৰী।
ধন দাবীৰ অভিযোগত যোৱা সপ্তাহত গ্ৰেপ্তাৰ হোৱাৰ পিছতে ওলাই পৰিছিল অৰ্চনাৰ কুখ্যাতি, এই কাহিনী ইমানেই চাঞ্চল্যকৰ যে এতিয়া এগৰাকী ওড়িয়া চলচ্চিত্ৰ নিৰ্মাতাই তেওঁৰ জীৱনক লৈ এখন থ্ৰিলাৰ ছবিও নিৰ্মাণ কৰিবলৈ চিন্তা কৰিছে।
কি কৰিছিল অৰ্চনাই?আৰক্ষীৰ ৰেকৰ্ডত ২৬ বছৰীয়া যুৱতীগৰাকীক ব্লেকমেইলাৰ হিচাপে অভিহিত কৰা হৈছে। দেহ ব্যৱসায়ৰ জৰিয়তে বহু ৰাজনীতিবিদ, ব্যৱসায়ী, চলচ্চিত্ৰ নিৰ্মাতাৰ দৰে ধনী আৰু প্ৰভাৱশালী লোকৰ প্ৰলোভিত কৰি অৰ্চনাই গোপনে বনাইছিল ভিডিঅ’ আৰু তাক ৰাজহুৱা কৰাৰ ভাবুকি দি তেওঁলোকৰ পৰা আত্মসাৎ কৰিছিল বুজন পৰিমাণৰ ধন। অৰ্চনাৰ হানীট্ৰেপ আৰু দেহ ব্যৱসায়ৰ ক'লা সাম্ৰাজ্যখন সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছে।
আৰক্ষীয়ে জনোৱা মতে অৰ্চনাই প্ৰথমে এটা ব্যক্তিগত নিৰাপত্তা সংস্থাত কাম কৰিছিল আৰু পিছত বিউটী পাৰ্লাৰত কাম কৰিছিল। ইয়াৰ পিছতেই তেওঁ বালাশূৰ জিলাৰ জগবন্ধু চান্দক লগ পাইছিল। ২০১৮ চনত জগবন্ধু আৰু অৰ্চনাৰ বিবাহ হয়। বিউটী পাৰ্লাৰত কাম কৰি থাকোঁতে তেওঁ ছেক্স ৰেকেট চলাইছিল বুলি অভিযোগ উঠিছে। তদন্তত প্ৰকাশ পাইছে যে অভিযুক্ত দম্পতীয়ে ২০১৮ৰ পৰা ২০২২ চনলৈ মাত্ৰ চাৰি বছৰত ৩০ কোটি টকাৰ সম্পত্তি লাভ কৰিছে। বহু ৰাজনীতিবিদ, বিধায়ক, বিল্ডাৰ, ব্যৱসায়ী আদি প্ৰভাৱশালী ব্যক্তিৰ সৈতে অৰ্চনাৰ আছিল সম্পৰ্ক।
কেনেদৰে পৰিল জালত?এগৰাকী ব্যক্তিক ব্লেকমেইলিঙৰে ৩ কোটি টকা ধন দাবী কৰা আৰু ছেক্স ৰেকেটত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা এগৰাকী ছোৱালীৰ এজাহাৰৰ ভিত্তিত ৬ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছতে তেওঁৰ কুখ্যাতি এটাৰ পিছত এটাকৈ ওলাবলৈ ধৰে। লক্ষণীয় বিষয় যে সম্প্ৰতি জে'লত থকা অৰ্চনাৰ জামিনৰ বাবে এতিয়া বহু প্ৰভাৱশালী শক্তিয়ে ন্যায়ালয়ত হেঁচা দিয়া বুলি জানিব পৰা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|