তৃতীয়বাৰলৈ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈ কেজৰিৱালে ক’লে– ‘দিল্লীৰ বিকাশৰ বাবে মোদী জীৰ আশীৰ্বাদ বিচাৰিছো’

News18 Assam | News18-Assam
Updated:February 16, 2020, 2:08 PM IST
তৃতীয়বাৰলৈ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈ কেজৰিৱালে ক’লে– ‘দিল্লীৰ বিকাশৰ বাবে মোদী জীৰ আশীৰ্বাদ বিচাৰিছো’
‘নিৰ্বাচন শেষ হ’ল, জনসাধাৰণে কাক ভোট দিলে সেইটো ডাঙৰ কথা নহয়, এতিয়া সকলোৱেই মোৰ পৰিয়ালৰ অংশ, মই সকলোৰে বাবে কাম কৰিম।’

‘নিৰ্বাচন শেষ হ’ল, জনসাধাৰণে কাক ভোট দিলে সেইটো ডাঙৰ কথা নহয়, এতিয়া সকলোৱেই মোৰ পৰিয়ালৰ অংশ, মই সকলোৰে বাবে কাম কৰিম।’

  • Share this:
দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে  জয়লাভ কৰাৰ পিছত একেৰাহে তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত লয় অৰবিন্দ কোজৰিৱালে। দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত কেজৰিৱালে ৰামলীলা মৈদানত সমবেত হোৱা জনতাক সম্বোধন কৰি কয় যে, ‘নিৰ্বাচন শেষ হ’ল, জনসাধাৰণে কাক ভোট দিলে সেইটো ডাঙৰ কথা নহয়, এতিয়া সকলো মোৰ পৰিয়ালৰ অংশ, মই সকলোৰে বাবে কাম কৰিম।’

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰাও দিল্লীৰ উন্নয়নৰ বাবে আশীৰ্বাদ বিচাৰে কেজৰিৱালে। লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগিতা বিচাৰে।

দিল্লী ফ্ৰী– কেজৰিৱালে কয় যে, কিছু সংখ্যকে কয় যে, দিল্লীত কেজৰিৱালে বিভিন্ন সেৱা বিনামূলীয়া কৰিছে। মই লগতে কও যে, দিল্লীত আৰু বহু বস্তুৱেই বিনামূলীয়া। মাৰ মৰম ফ্ৰী, দেউতাৰ মৰম ফ্ৰী। শ্ৰৱণ কুমাৰে নিজৰ পিতৃ–মাতৃক সেৱা কৰিছিল। মই মোৰ নিজৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ শিক্ষা যদি বিনামূলীয়াকৈ প্ৰদান কৰিব নোৱাৰো, তেন্তে ধিক্কাৰ এনে মুখ্যমন্ত্ৰী।’
আৰু চাওক
পৰৱৰ্তী বাতৰি