உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Aravind Kejriwal: কংগ্ৰেছৰ কোন নেতাক 'নকল কেজৰিৱাল' বুলি ঠাট্টা কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে, পঞ্জাৱক কংগ্ৰেছমুক্ত কৰাৰ লক্ষ্য কেজৰিৱালৰ

    Aravind Kejriwal: কংগ্ৰেছৰ কোন নেতাক 'নকল কেজৰিৱাল' বুলি ঠাট্টা কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে, পঞ্জাৱক কংগ্ৰেছমুক্ত কৰাৰ লক্ষ্য কেজৰিৱালৰ

    Punjab : পঞ্জাৱৰ শিক্ষাব্যৱস্থাক সমালোচনা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Aravind Kejriwal)ৰ

    Punjab : পঞ্জাৱৰ শিক্ষাব্যৱস্থাক সমালোচনা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Aravind Kejriwal)ৰ

    Punjab : পঞ্জাৱৰ শিক্ষাব্যৱস্থাক সমালোচনা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Aravind Kejriwal)ৰ

    • Share this:
    নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে পঞ্জাৱ (Punjab)ৰ ৰাজনীতিৰ ক্ষেত্ৰখন গৰম হৈ উঠিছে। আম আদমী পাৰ্টি (Aam Admi Party)ৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Aravind Kejriwal) পঞ্জাৱ বিধানসভা নিৰ্বাচনক আকৰ্ষণীয় কৰি তুলিছে। তেওঁ প্ৰচাৰ চলাই থকা সময়ত এটাৰ পিছত এটা বিষয়ত কংগ্ৰেছ (Congress)ক  আক্ৰমণ কৰা দেখা গৈছে। এইবাৰ তেওঁ ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাকো সমালোচনাৰ লক্ষ্য কৰি লৈছে। সামাজিক মাধ্যমত ইতিমধ্যে পঞ্জাৱৰ শিক্ষা মন্ত্ৰী পৰগত সিঙৰ সৈতে বাকযুদ্ধ আৰম্ভ হৈছে অৰবিন্দ কেজৰিৱালৰ।

    কেজৰিৱালে টুইটাৰত কৰা এটা মন্তব্যই পঞ্জাৱৰ চৌদিশে বিতৰ্কৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে, তেওঁ টুইটাৰত মন্তব্য কৰি কয় "পাঞ্জাৱীসকলে বিচাৰিলে কংগ্ৰেছক ভোট দিব পাৰে।  যিসকলে পঞ্জাৱৰ বিদ্যালয় আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাত সুখী, তেওঁলোকে কংগ্ৰেছক ভোট দিয়ক। আৰু যদি আপুনি দিল্লীৰ দৰে আপোনাৰ ৰাজ্যত এক মহান শিক্ষা ব্যৱস্থা বিচাৰে, তেনেহ'লে আপক ভোট দিয়ক।"

    ইয়াৰ পূৰ্বে, পঞ্জাৱৰ শিক্ষা মন্ত্ৰী পৰগত সিঙে কেজৰিৱালৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিক সমালোচনা কৰি কৈছিল "দিল্লীৰ মুখ্যমন্ত্ৰীয়ে হয়তো পঞ্জাৱৰ উন্নত শিক্ষা ব্যৱস্থাৰ ছবি দেখা নাই। দৰাচলতে, তেওঁ এজন দিল্লীবাদী, সেয়েহে তেওঁ কেৱল নিৰ্বাচনৰ সময়ত হে পঞ্জাৱৰ প্ৰতি আগ্ৰহী হয়। পঞ্জাৱে ৰাষ্ট্ৰীয় প্ৰদৰ্শন গ্ৰেড সূচকত শীৰ্ষস্থান দখল কৰিছিল। কিন্তু দিল্লী (Delhi)ৰ স্থান ষষ্ঠ।"

    মোগাত প্ৰচাৰ চলাই থকা সময়ত কেজৰিৱালে শিক্ষকসকলক স্থায়ীভাৱে নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিক সমালোচনা কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কৈছিল, "আপোনাৰ ওচৰত সঠিক তথ্য নাই, ডিচেম্বৰৰ শেষৰ ফালে ৰাজ্যখনত আন ২০,০০০ শিক্ষক নিযুক্তি দিয়া হ'ব। ৮৮৮৬ জন লোকক ইতিমধ্যে স্থায়ী পদ দিয়া হৈছে। ১১১৭ জন শিক্ষা কৰ্মীকো পদোন্নতি দিয়া হৈছে।"

    কংগ্ৰেছ নেতা তথা পঞ্জাৱৰ শিক্ষা মন্ত্ৰীৰ আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে কেজৰিৱালে  টুইটযোগে পঞ্জাৱৰ শিক্ষা ব্যৱস্থা আৰু কংগ্ৰেছ চৰকাৰক প্ৰত্যুত্তৰ দিয়ে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ইতিমধ্যে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীৰ সৈতে বাকযুদ্ধত লিপ্ত হৈছে। আপ নেতা অৰবিন্দ কেজৰিৱালে সোমবাৰে পঞ্জাৱত প্ৰচাৰ চলাই থকা সময়ত এই অভিযোগ উত্থাপন কৰিছিল যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ সকলো নিৰ্বাচনী প্ৰতিশ্ৰুতি নকল কৰি আছে।  তেওঁ কয়, "ইয়াত এটা ভুৱা কেজৰিৱাল ঘূৰি ফুৰিছে। তেওঁ দুদিনৰ পিছত মই পঞ্জাৱৰ বাবে যি প্ৰতিশ্ৰুতি দিছো সেয়া কৰে। আচলতে, তেওঁ একো নকৰে, তেওঁ ভুৱা।"

    উল্লেখযোগ্য যে, কংগ্ৰেছৰ হাতৰ পৰা পঞ্জাৱ আজুৰি আনিবলৈ এইবাৰ ৰাজ্যখনত ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে আম আদমী পাৰ্টিৰ নেতা সকলক। ৰাজ্যখনত আম আদমী পাৰ্টিৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী হোৱালৈ চাই অনাগত নিৰ্বাচনত পঞ্জাৱত দলটোৱে কংগ্ৰেছক তীব্ৰ প্ৰত্যাহ্বান জনোৱাটো নিশ্চিত।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: