• Home
  • »
  • News
  • »
  • nation
  • »
  • মুলায়মৰ বোৱাৰীৰ বিজেপি গমন আৰু ৪০ বছৰ পুৰণি এটা প্ৰেমকাহিনী, যিয়ে পৰৱৰ্তী ৪৯ দিনলৈ অখিলেশক দিব আঘাত

মুলায়মৰ বোৱাৰীৰ বিজেপি গমন আৰু ৪০ বছৰ পুৰণি এটা প্ৰেমকাহিনী, যিয়ে পৰৱৰ্তী ৪৯ দিনলৈ অখিলেশক দিব আঘাত

যেতিয়া সাধনাই অখিলেশক চৰ মাৰিছিল, মুলায়মে তেওঁক বাহিৰলৈ পঢ়িবলৈ পঠিয়াইছিল

যেতিয়া সাধনাই অখিলেশক চৰ মাৰিছিল, মুলায়মে তেওঁক বাহিৰলৈ পঢ়িবলৈ পঠিয়াইছিল

যেতিয়া সাধনাই অখিলেশক চৰ মাৰিছিল, মুলায়মে তেওঁক বাহিৰলৈ পঢ়িবলৈ পঠিয়াইছিল

  • Share this:
অখিলেশ যাদৱৰ বয়স আছিল ৯ বছৰ। তেওঁ তেতিয়া ৰাজনীতিৰ ক, খ বুজি পোৱা নাছিল। সেইসময়ত দেউতাকৰ সৈতে খেলি থকা অখিলেশে নাজানিছিল যে ৪০ বছৰৰ পিছত সেই সময়ত সূচনা হোৱা এটা ঘটনাৰ বাবে তেওঁ জবাব দিব লাগিব। ২০২২ চনৰ ১৯ জানুৱাৰীত অখিলেশে এখন সংবাদমেল অনুষ্ঠিত কৰি আছিল। এজন সাংবাদিকে সুধিছিল- ''অখিলেশজী, অপৰ্ণা বিজেপিলৈ গৈছে (Aparna Yadav had joined BJP), আপুনি কি ক'ব?'' অখিলেশে উত্তৰ দিব পৰা নাছিল। তেওঁ কেৱল কৈছিল- ''তেওঁলৈ শুভকামনা!''

কাহিনীৰ আৰম্ভণি হৈছিল ৪০ বছৰ আগতে, অৰ্থাৎ ১৯৮২ত

দেশত কংগ্ৰেছ ভাঙি পৰিছিল। উত্তৰ প্ৰদেশত (Uttar Pradesh) পিছপৰা শ্ৰেণীৰ লোকসকলৰ আধিপত্য আছিল, বিশেষকৈ যাদৱসকলৰ। তেওঁলোকে বিচাৰি পাইছিল নেতা। সকলোৱে সেই নেতাৰ প্ৰতি আগ্ৰহী আছিল। তেওঁ আছিল মুলায়ম সিং যাদৱ (Mulayam Singh Yadav)। ক'লা গোঁফৰ মুলায়মৰ তেতিয়া বয়স ৪৩ বছৰ।

তেতিয়া সমাজবাদী পাৰ্টি নাছিল। আছিল ৰাষ্ট্ৰীয় লোক দল। উৰিয়া জিলাৰ বিধুনাৰ কমলাপতিৰ ২৩ বছৰীয়া জীয়েকেও ৰাজনীতিত কিবা কৰিব বিচাৰিছিল। ছোৱালীজনীয়ে ৰাজনৈতিক অনুষ্ঠানত উপস্থিত থাকোঁতে এদিন মুলায়মৰ চকু পৰে তেওঁলৈ। ছোৱালীজনীৰ নাম সাধনা গুপ্তা। সেই সময়ত কেৱল এজন ব্যক্তিয়েহে জানিছিল এই ঘটনা। তেওঁৰ নাম আছিল অমৰ সিং। তেওঁ এতিয়া নাই।

মুলায়মৰ কাহিনীৰ কিছু পৃষ্ঠা লেখক সুনীতা এৰোণে কৰিছিল মুকলি ..

সুনীতা এৰোণ এগৰাকী লেখিকা। তেওঁ অখিলেশ যাদৱৰ জীৱনী 'বদলাৱ কি লেহেৰ' লিখিছিল। তেওঁ কিতাপখনত মুলায়মৰ প্ৰেম কাহিনীৰ ওপৰত কেইটামান পৃষ্ঠা লিখিছিল। সুনীতা এৰোণৰ মতে, 'সাধনা আৰু মুলায়মৰ আৰম্ভণিতে সাধাৰণ দেখাদেখি হৈছিল। মুলায়মৰ মাকৰ কাৰণে দুয়ো আৰু ওচৰ চাপে। মুলায়মৰ মাতৃ মূৰ্তি দেৱী যেতিয়া অসুস্থ আছিল। সাধনাই লক্ষ্ণৌৰ এখন নাৰ্চিং হোমত আৰু পিছত চৈফাই চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ সময়ত মূৰ্তি দেৱীৰ যত্ন লৈছিল।

ভুলকৈ বেজী দিয়াৰ পৰা বচাইছিল মুলায়মৰ মাতৃক

সুনীতা এৰোনে লিখিছে, 'চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী নাৰ্ছে মূৰ্তি দেৱীক ভুলকৈ বেজী দিবলৈ গৈ আছিল। সাধনা সেই সময়ত তাত আছিল আৰু নাৰ্ছক তেনে কৰিবলৈ বাধা দিছিল। সাধনাৰ বাবেই মূৰ্তি দেৱীৰ জীৱন ৰক্ষা পৰিছিল। মুলায়ম ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু দুয়োৰে মাজৰ সম্পৰ্ক আৰু গাঢ় হৈছিল। অখিলেশ যাদৱ তেতিয়া বিদ্যালয়ৰ এজন ছাত্ৰ আছিল।

অমৰ সিঙে মুলায়মৰ প্ৰেমকাহিনী ৬ বছৰ লুকুৱাই ৰাখিছিল
১৯৮২ চনৰ পৰা ১৯৮৮ চনলৈ, অমৰ সিং একমাত্ৰ ব্যক্তি আছিল যিয়ে জানিছিল যে মুলায়ম প্ৰেমত পৰিছে। তেওঁ কাকো কোৱা নাছিল। কয়নো কেনেকৈ? মুলায়মৰ ঘৰত আছিল পত্নী মালতী দেৱী আৰু পুত্ৰ অখিলেশ।

১৯৮৮ চনত তিনিটা ঘটনা ঘটিছিল একেলগে

(১) মুলায়ম মুখ্যমন্ত্ৰী হোৱাৰ বাবে প্ৰায় দুৱাৰমুখত আছিল।
(২) সেই সময়তে সাধনাই তেওঁৰ স্বামী চন্দ্ৰপ্ৰকাশ গুপ্তাৰ পৰা পৃথকে বাস কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ কোলাত আছিল এটা সন্তান।
(৩) মুলায়মে সাধনাৰ সৈতে অখিলেশক লগ লগাই দিছিল।

যেতিয়া সাধনাই অখিলেশক চৰ মাৰিছিল, মুলায়মে তেওঁক বাহিৰলৈ পঢ়িবলৈ পঠিয়াইছিল

নেহা দীক্ষিতে এই কাহিনীৰ ওপৰত 'কাৰাভান' আলোচনীত লিখিছিল। তেওঁ পৰিয়ালৰ সদস্যসকলৰ উদ্ধৃতি দি কয়, "মুলায়মেই ১৯৮৮ চনত প্ৰথমবাৰৰ বাবে সাধনা গুপ্তাৰ সৈতে অখিলেশৰ পৰিচয় কৰাইছিল। তেতিয়া তেওঁৰ বয়স আছিল ১৫ বছৰ। একে সময়তে অখিলেশে এই কথা পছন্দ কৰা নাছিল। এবাৰ সাধনাই তেওঁক চৰ শোধাই। ইয়াৰ পিছতে পিতৃ মুলায়মে তেওঁক প্ৰথমে ইটাৱালৈ, তাৰ পিছত ৰাজস্থানৰ ঢোলপুৰলৈ পঢ়িবলৈ পঠিয়ায়।

কাহিনীৰ মাজত বিশ্বনাথ চতুৰ্বেদীৰ প্ৰৱেশ
বিশ্বনাথ চতুৰ্বেদী এই কাহিনীৰ আছিল এক আজব চৰিত্ৰ। তেওঁ বেছি একো কৰা নাছিল। মাত্ৰ মুলায়মৰ জীৱনৰ গোপন পৃষ্ঠা মুকলি কৰিছিল। তেওঁ ২০০৫ চনৰ ২ জুলাইত উচ্চতম ন্যায়ালয়ত মুলায়মৰ বিৰুদ্ধে শপতনামা দাখিল কৰিছিল। ৭৯,০০০ টকাৰ সম্পত্তি থকা সমাজবাদীজন কেনেকৈ ১৯৭৯ চনত কোটি টকাৰ গৰাকী হৈছিল বুলি তেওঁ সুধিছিল। কোৰ্টে নিৰ্দেশ দিছিল চিবিআই তদন্তৰ।

অনুসন্ধান আৰম্ভ হ'ল। ২০০৭ চনলৈ পুৰণি পৃষ্ঠাবোৰ খোল খালে। নতুন প্ৰতিবেদনত লিখা হৈছিল এই সকলোবোৰ-

(১) মুলায়মৰ আন এগৰাকী পত্নী আৰু আন এটা সন্তানো আছে।
(২) আজিৰ নহয়, ১৯৯৪ চনৰ পৰা আছে।
(৩) ১৯৯৪ চনত প্ৰতীক গুপ্তাই বিদ্যালয়ত তেওঁৰ স্থায়ী বাসভৱনৰ ঠিকনা মুলায়ম সিঙৰ ঘৰৰ দিছিল।
(৪) মাতৃৰ নাম সাধনা গুপ্তা আৰু দেউতাকৰ নাম লিখিল এম এছ যাদৱ।
(৫) মুলায়মৰ নাম ২০০০ চনত প্ৰতীকৰ অভিভাৱক ৰূপে লিপিবদ্ধ কৰা হৈছিল।
(৬) ২০০৩ চনৰ ২৩ মে'ত মুলায়মে সাধনাক তেওঁৰ পত্নীৰ মৰ্যাদা দিয়ে।

দৰাচলতে, ১৯৮৮ চনত সাধনা মুলায়মৰ জীৱনলৈ সঠিকভাৱে আহিছিল আৰু ১৯৮৯ চনত মুলায়ম ইউপিৰ মুখ্যমন্ত্ৰী হৈছিল। তেতিয়াৰ পৰা তেওঁ সাধনাক ভাগ্যৱান বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিলে। গোটেই পৰিয়ালটোৱে কথাটো জানিছিল। ক'বলৈ কোনো নাছিল। এতিয়া যেতিয়া সকলোবোৰ পোহৰলৈ আহিছিল, ২০০৭ চনত মুলায়মে তেওঁৰ বিৰুদ্ধে অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰত উচ্চতম ন্যায়ালয়ত এখন শপতনামা দিছিল।

ইয়াত কোৱা হৈছিল:
মই স্বীকাৰ কৰোঁ যে সাধনা গুপ্তা মোৰ পত্নী আৰু প্ৰতীক মোৰ পুত্ৰ।

জনা গৈছিল যে সমাজবাদী পাৰ্টিৰ আন এজন উত্তৰাধিকাৰীৰ জন্ম হৈছে

অখিলেশৰ তেওঁৰ দেউতাকৰ ওপৰত বৰ খং উঠিছিল। মুলায়মে অকলে যুঁজ দি ২০১২ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হৈছিল আৰু অখিলেশ যাদৱক সিংহাসন দিছিল। কিন্তু যাদৱ পৰিয়ালত ধুমুহা সৃষ্টি হৈছিল যেতিয়া ১৯ জানুৱাৰীত সাধনাৰ বোৱাৰী অপৰ্ণা যাদৱে (Aparna Yadav) বিজেপিৰ পতাকা ধৰিছিল।

অৱশ্যে, এই ঘটনাক লৈ সকলোৱে জানে যে ৪০ বছৰ পুৰণি এটা প্ৰেমকাহিনীয়ে যাদৱ পৰিয়ালক পৰৱৰ্তী ৪৯ দিনৰ বাবে অৰ্থাৎ ১০ মাৰ্চলৈকে আঘাত কৰি থাকিব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি