আকৌ ‘MeToo’ প্ৰসংগঃ Indian Idol ৰ পৰা আকৌ আঁতৰাব পাৰে অনু মালিকক!

তথ্য অনুসৰি  Indian Idol ৰ পৰা অতি সোনকালে অপসাৰণ কৰা হ’ব অনু মালিকক

News18-Assam
Updated:November 6, 2019, 2:41 PM IST
আকৌ ‘MeToo’ প্ৰসংগঃ Indian Idol ৰ পৰা আকৌ আঁতৰাব পাৰে অনু মালিকক!
তথ্য অনুসৰি  Indian Idol ৰ পৰা অতি সোনকালে অপসাৰণ কৰা হ’ব অনু মালিকক
News18-Assam
Updated: November 6, 2019, 2:41 PM IST
আৰম্ভ হ’ল ইণ্ডিয়ান আইডলৰ নতুন ছিজন। যোৱা বৰ্ষত  ‘MeToo’ বিতৰ্কত নাম সাঙুৰ খাই পৰাত বলীউদৰ অন্যতম জনপ্ৰিয় সংগীত পৰিচালক অনু মালিকক ইণ্ডিয়ান আইডলৰ পৰা অপসাৰণ কৰা হৈছিল। কিন্তু এইবাৰো জনপ্ৰিয় সংগীতৰ ৰিয়লিটী শ্ব’টোত বিচাৰকৰ আসনত আছে সংগীত পৰিচালকগৰাকী। গানৰ বিনিময়ত চুমা বিচাৰি ‘MeToo’ বিতৰ্কত নাম সাঙুৰ খোৱাৰ পিছতো আকৌ Indian Idol ৰ বিচাৰক হিচাপে অনু মালিক থকাকলৈ বিভিন্ন মহলত চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। একাংশই অনু মালিকক Indian Idol ৰ মঞ্চৰ পৰা অপসাৰণ কৰিবলৈ দাবী জনাইছে।ফলত এতিয়া সমগ্ৰ বিষয়টো চেনেলটোৰ বিচাৰধীন হৈ আছে। যোৱা বছৰ কণ্ঠশিল্পী শ্বেটা পণ্ডিতে অনু মালিকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত কৰিছিল।

তথ্য অনুসৰি  Indian Idol ৰ পৰা অতি সোনকালে অপসাৰণ কৰা হ’ব অনু মালিকক!
আৰু চাওক পৰৱৰ্তী বাতৰি