নিষিদ্ধ হ’ল গো হত্যা। এতিয়াৰ পৰা গো হত্যা কৰিলে ৭ বছৰ পৰ্যন্ত জে’ল হোৱাৰ লগতে ৫ বছৰ পৰ্যন্ত জৰিমনাৰ সন্মুখীন হ’ব পাৰে। কৰ্ণাটক চৰকাৰে গৃহীত কৰিছে এই আইন। কৰ্ণাটক চৰকাৰৰ কেবিনেটে গো-হত্যা আৰু পশুধন সুৰক্ষা বিধেয়কত অনুমোদন জনাইছিল। কিন্তু সদনত গৃহীত কৰাৰ সময়ত বিৰোধিতা কৰিছিল কংগ্ৰেছে। কিন্তু সকলো বাধা অতিক্ৰম কৰি এতিয়া বিধেয়ক গৃহীত কৰিছে কৰ্ণাটক চৰকাৰে।
উল্লেখযোগ্য যে, ২০১০ চনত বিজেপি শাসনত থকাৰ সময়তে এই বিল পাছ কৰা হৈছিল। বৰ্তমান আইন খন সংশোধন কৰি গো হত্যা নিষিদ্ধ কৰা হৈছে। কিন্তু আইনখনৰ বিৰোধিতাৰে কংগ্ৰেছ আৰু জেডিয়ে সদন ত্যাগ কৰিছে। আনহাতে আইনখনৰ বিৰোধিতাৰে কংগ্ৰেছ সদস্য সকলে শুকুৰবাৰেও সদনত উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে গো-হত্যা নিষিদ্ধ হোৱাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই সচিবালয়ত গো পূজাৰ আয়োজন কৰিছে বিজেপিয়ে।