মুখ্যপৃষ্ঠা »খবৰ »দেশ »Odisha: ওড়িশাত পুনৰ আন এগৰাকী ৰাছিয়াৰ নাগৰিকৰ সন্দেহজনক মৃত্যু

Odisha: ওড়িশাত পুনৰ আন এগৰাকী ৰাছিয়াৰ নাগৰিকৰ সন্দেহজনক মৃত্যু

ইয়াৰ পূৰ্বে দক্ষিণ ওড়িশাৰ ৰাইগাড় চহৰত ৰহস্যজনকভাৱে দুজন ৰাছিয়ান পৰ্যটকৰ মৃত্যু হৈছিল।

ইয়াৰ পূৰ্বে দক্ষিণ ওড়িশাৰ ৰাইগাড় চহৰত ৰহস্যজনকভাৱে দুজন ৰাছিয়ান পৰ্যটকৰ মৃত্যু হৈছিল।

ইয়াৰ পূৰ্বে দক্ষিণ ওড়িশাৰ ৰাইগাড় চহৰত ৰহস্যজনকভাৱে দুজন ৰাছিয়ান পৰ্যটকৰ মৃত্যু হৈছিল।

  • Share this:

ওড়িশাত পুনৰ আন এগৰাকী ৰাছিয়াৰ নাগৰিকৰ সন্দেহজনক মৃত্যু। মঙলবাৰে আন এজন ৰাছিয়ানক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ৰাজ্যখনত। এয়া ১৫ দিনৰ ভিতৰতে ঘটা তৃতীয়টো ঘটনা।


মঙলবাৰে ওড়িশাৰ জগৎসিংপুৰ জিলাৰ পাৰাদিপ বন্দৰত কেম্পিং কৰি থকা জাহাজত মৃত অৱস্থাত উদ্ধাৰ হয় এজন ৰাছিয়ান নাগৰিক। তেওঁক মিলিয়াকভ চাৰ্গেই বুলি চিনাক্ত কৰা হৈছে। ৫১ বছৰীয়া চাৰ্গেই আছিল ‘এম বি আলাডনা’ জাহাজৰ মুখ্য অভিযন্তা। বাংলাদেশৰ চট্টগ্ৰাম বন্দৰৰ পৰা পাৰাদীপ হৈ মুম্বাইলৈ গৈ আছিল জাহাজখন। মঙলবাৰে পুৱা প্ৰায় ৪.৩০ বজাত জাহাজখনৰ চেম্বাৰত মৃত অৱস্থাত উদ্ধাৰ হয় চাৰ্গেই। পাৰাদীপ আৰক্ষীয়ে জনোৱা মতে, মৃত্যুৰ কাৰণ ততাতৈয়াকৈ জানিব পৰা হোৱা নাই। পাৰাদীপ প’ৰ্ট ট্ৰাষ্টৰ অধ্যক্ষ পি এল হাৰানান্দে জাহাজত থকা ৰাছিয়াৰ অভিযন্তাজনৰ মৃত্যু নিশ্চিত কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।


উল্লেখ্য, ইয়াৰ পূৰ্বে দক্ষিণ ওড়িশাৰ ৰাইগাড় চহৰত ৰহস্যজনকভাৱে দুজন ৰাছিয়ান পৰ্যটকৰ মৃত্যু হৈছিল। ইয়াৰে এজন আছিল ৰাছিয়াৰ সাংসদ পাভেল এণ্টনভ (৬৫) আৰু আনজন আছিল তেওঁৰ বন্ধু ভ্লাদিমিৰ বিডেনভ (৬১)। ২৪ ডিচেম্বৰত পাভেল আৰু ২২ ডিচেম্বৰত বিডেনভৰ মৃত্যু হয়। হোটেলখনৰ তৃতীয় মহলাৰ পৰা পৰি পাভেলৰ মৃত্যু হোৱাৰ বিপৰীতে দুদিন পূৰ্বে একেখন হোটেলতে নিজৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ হৈছিল তেওঁৰ বন্ধু বিডেনভক। দুয়োটা গোচৰৰ তদন্ত অব্যাহত ৰাখিছে ওড়িশা আৰক্ষীয়ে।


শেহতীয়া বাতৰি