• Home
  • »
  • News
  • »
  • nation
  • »
  • শ্ৰদ্ধা হত্যাকাণ্ডসদৃশ আন এক ঘটনা; হাৰিয়ানাৰ জংঘলত চুটকেচৰ ভিতৰত মানৱ শৰীৰৰ অংশ উদ্ধাৰে জোকাৰিছে সমগ্ৰ দেশ

শ্ৰদ্ধা হত্যাকাণ্ডসদৃশ আন এক ঘটনা; হাৰিয়ানাৰ জংঘলত চুটকেচৰ ভিতৰত মানৱ শৰীৰৰ অংশ উদ্ধাৰে জোকাৰিছে সমগ্ৰ দেশ

হাৰিয়ানাৰ সুৰজকুণ্ডৰ বনাঞ্চলত এজন মানুহৰ শৰীৰৰ অংশ থকা এটা চুটকেচ উদ্ধাৰ

হাৰিয়ানাৰ সুৰজকুণ্ডৰ বনাঞ্চলত এজন মানুহৰ শৰীৰৰ অংশ থকা এটা চুটকেচ উদ্ধাৰ

হাৰিয়ানাৰ সুৰজকুণ্ডৰ বনাঞ্চলত এজন মানুহৰ শৰীৰৰ অংশ থকা এটা চুটকেচ উদ্ধাৰ

  • Share this:
শ্ৰদ্ধা ৱালকাৰৰ বৰ্ব্বৰ হত্যাকাণ্ডৰ চাঞ্চল্য অব্যাহত থকাৰ সময়ত হাৰিয়ানাত সংঘটিত আন এক ঘটনাই পুনৰ দেশ জোকাৰি গৈছে। জানিব পৰা মতে, বৃহস্পতিবাৰে হাৰিয়ানাৰ ফৰিদাবাদৰ সুৰজকুণ্ডৰ বনাঞ্চলত এজন মানুহৰ শৰীৰৰ অংশ থকা এটা চুটকেচ পোৱা গৈছিল। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে অৱশিষ্টবোৰ প্লাষ্টিকৰ মোনা আৰু এটা বস্তাত মেৰিয়াই থোৱা অৱস্থাত পোৱা গৈছিল।

আগশাৰীৰ সংবাদ সংস্থা এএনআইৰ এক প্ৰতিবেদন অনুসৰি ফৰিদাবাদ আৰক্ষীৰ মুখপাত্ৰ সুবে সিঙে জনোৱা মতে প্ৰাথমিক অৱস্থাত এইটো এটা হত্যাৰ ঘটনা যেন লাগিছে য'ত ভুক্তভোগীজনক আন ঠাইত হত্যা কৰা হৈছিল আৰু চিনাক্তকৰণ এৰাই চলিবলৈ শৰীৰৰ অংশবোৰ বনাঞ্চলত পেলাই দিয়া হৈছিল। উল্লেখযোগ্য যে, আৰক্ষীয়ে চুটকেচৰ ওচৰত কাপোৰ আৰু বেল্ট উদ্ধাৰ কৰিছিল। আৰক্ষীৰ মুখপাত্ৰজনে জনোৱা মতে এই ঘটনাৰ পাছতেই কাষৰ সমগ্ৰ বনাঞ্চল ঘেৰাও কৰা হৈছে, বন্ধ কৰি ৰখা হৈছে আৰু অধিক তদন্ত চলি আছে। বৰ্তমান ফৰিদাবাদ আৰক্ষীয়ে চুটকেচটোত উদ্ধাৰ কৰা শৰীৰৰ অৱশিষ্টসমূহ পুৰষৰ নে মহিলাৰ সেইয়া নিশ্চিত কৰিব পৰা নাই। ইতিমধে ফৰেনচিকৰ দলে শৰীৰৰ অংশবোৰ পৰীক্ষা কৰিছে। শিহৰণকাৰী ঘটনা সন্দৰ্ভত ফৰিদাবাদ আৰক্ষীয়ে তীব্ৰ অনুসন্ধানত নামি পৰিছে আৰু অতি শীঘ্ৰে ঘটনাৰ লগত জড়িত দুৰ্বৃত্তৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি