অষ্ট্ৰেলিয়াত অসম কন্যাৰ সফলতা, লন বলত দুটাকৈ ব্ৰঞ্জৰ পদকেৰে জিলিকিল তানিয়া চৌধুৰী

উজান বজাৰৰ তানিয়া চৌধুৰীৰ উন্নত প্ৰদৰ্শনক লৈ উৎফুল্লিত অসমৰ ক্ৰীড়াপ্ৰেমী।

News18-Assam
Updated:June 28, 2019, 5:40 PM IST
অষ্ট্ৰেলিয়াত অসম কন্যাৰ সফলতা, লন বলত দুটাকৈ ব্ৰঞ্জৰ পদকেৰে জিলিকিল তানিয়া চৌধুৰী
ফটো উৎসঃইউবি
News18-Assam
Updated: June 28, 2019, 5:40 PM IST
আন এগৰাকী অসম কন্যাই বিদেশৰ বুকুত অসমৰ নাম জিলিকাই আনিছে গৌৰৱৰ বতৰা। অষ্ট্ৰেলিয়াৰ গ’ল্ড কষ্টত অনুষ্ঠিত হৈ থকা এছিয়া পেচিফিক লন বলিং চেম্পিয়নশ্বিপত অসমৰ তানিয়া চৌধুৰীয়ে বৃহস্পতিবাৰে দ্বিতীয়টো পদক লাভ কৰে।

বৃহস্পতিবাৰে প্ৰতিযোগিতাখনৰ মহিলাৰ ট্ৰিপল’ছ শাখাত তানিয়াই ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। তানিয়াৰ সৈতে ট্ৰিপল দলত থকা আন দুগৰাকী খেলুৱৈ হ’ল ঝাৰখণ্ডৰ সৰিতা তিৰ্কী আৰু ৰূপা ৰাণী তিৰ্কী।

প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শনৰ ধাৰাবাহিকতা অটুট ৰখা অসমৰ এইগৰাকী প্ৰতিভাৱান জীয়ৰীয়ে এই প্ৰতিযোগিতাখনতে যোৱা ২১ জুনত ব্যক্তিগত শাখাত আনটো ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

গুৱাহাটীৰ উজান বজাৰৰ নিবাসী অনুপ কমাৰ চৌধুৰী আৰু পংকজা বৰুৱাৰ কন্যা তানিয়াই ইতিমধ্যে ৰাষ্ট্ৰীয় চেম্পিয়নৰো খিতাপ দখল কৰি থৈছে। তেওঁৰ এই সাফল্যত পৰিয়ালৰ লোকৰ লগতে অসমবাসী উৎফুল্লিত হৈ পৰিছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি